Current Topic

বিষ্ণুৰাভা আৰু আজিৰ প্ৰাসংগিকতা (স্বপ্না বৰঠাকুৰ)

সাম্ৰাজ্যবাদী অক্টোপাছৰ হাতোৰাত আজি কোঙা হৈ পৰিছে সমাজ জীৱন৷ বিদেশী বণিয়াই কঢ়িয়াই অনা সংস্কৃতি, আচাৰ-ৰীতিৰে পৰিপুষ্ট আজি সমাজ জীৱন৷ সন্তানৰ মুখত ইংৰাজী-হিন্দী-বঙালী মিহলি আধাফুটা আধা নুফুটা অসমীয়া কথা-বতৰাত পৰিতৃপ্ত হয় আজিৰ অভিভাৱক৷ ‘গ্লেমাৰ’ৰ পিছত দৌৰা আজিৰ সমাজে সকলোতে ‘গ্লেমাৰ’ বিচাৰে৷ ‘গ্লেমাৰ’ হ’বলৈ গৈ ছিঙি পৰে স্বজাতিৰ সূতা আৰু শিপাডাল৷ ‘গ্লেমাৰ’ হ’বলৈ গৈ মানুহে কৰা নাই […]

সাম্ৰাজ্যবাদী অক্টোপাছৰ হাতোৰাত আজি কোঙা হৈ পৰিছে সমাজ জীৱন৷ বিদেশী বণিয়াই কঢ়িয়াই অনা সংস্কৃতি, আচাৰৰীতিৰে পৰিপুষ্ট আজি সমাজ জীৱন৷ সন্তানৰ মুখত ইংৰাজীহিন্দীবঙালী মিহলি আধাফুটা আধা নুফুটা অসমীয়া কথাবতৰাত পৰিতৃপ্ত হয় আজিৰ অভিভাৱক৷গ্লেমাৰ পিছত দৌৰা আজিৰ সমাজে সকলোতেগ্লেমাৰবিচাৰে৷গ্লেমাৰবলৈ গৈ ছিঙি পৰে স্বজাতিৰ সূতা আৰু শিপাডাল৷গ্লেমাৰবলৈ গৈ মানুহে কৰা নাই কি? লাইক, কমেণ্ট, ভিউৱাৰ্ছ বাঢ়িলেই আহি জনপ্ৰিয়তাৰ শীৰ্ষত৷

বিপৰীতে আছে এখন খাটিখোৱা সমাজ৷ মূৰৰ ঘাম মাটিত পেলাই ধৰণী সেউজ শ্যামলা কৰা সমাজ আৰু আছে সহস্ৰ শ্ৰমিক গণহাতুৰীবটালীৰ কৰ্ষণ আৰু ঘৰ্ষণত যি ভাঙিপিটি গঢ়ি যায় নতুন সভ্যতা৷ এওঁলোকৰ হৃদয়ৰ ভাষা আছে, প্ৰাণৰ স্পন্দন আছে, আছে মুকলি আকাশৰ তলত মৰ্যাদাৰে জীয়াই থকাৰ হেঁপাহ৷ এই হেঁপাহৰ কৰণিতে জন্ম হৈছিল বিষ্ণুৰাভাৰ সংগ্ৰামী শিল্পী সত্ত্বা৷ জনগণৰ হিয়াৰ মৌকোঁহ বুটলি বুটলি তেওঁ গঢ়িছিল সংস্কৃতিৰ ৰহঘৰা৷ জাতীয় জীৱন চেপি অনা সাম্ৰাজ্যবাদী শক্তি আৰু দেশীয় শত্ৰুক তেওঁ বাৰুকৈয়ে চিনিছিল৷ সেয়ে প্ৰতিবাদী সত্ত্বাৰে তেওঁ চিঞৰি উঠিছিল

‘‘ৰাজ্যে আছে দুইটি পাঠা

একটি কালো

একটি সাদা

ৰাজ্যেৰ যদি মংগল চাও

দুইটি পাঠাই বলি দাও৷’’

বিষ্ণুৰাভাই মধ্য গুৱাহাটী বিহু সন্মিলনত ভাষণ প্ৰদান কৰি কৈছিল– ‘‘আপোনালোকে মোক জীৱন শিল্পী বুলি কয়৷ যদি প্ৰকৃততে মই জীৱন শিল্পী হওঁ সেয়া ভগৱানৰ কৰুণাত নহয়, জনতাৰ সৃজনী শক্তিতহে৷শিল্পীকথাষাৰ আজিকালি বৰ সহজ হৈ পৰিছে৷ কিন্তু শিল্পী বলৈ সদায় বিপ্লৱী আত্মাৰ অধিকাৰী লাগিব৷ প্ৰশান্ত মহাসাগৰত ডুব মাৰি অসংখ্য শামুক বুটলিব পৰা দুঃসাহস আৰু দুধাৰ শক্তি থাকিলেহে আজি জাতিৰ মুক্তি লাভ কৰা সম্ভৱ৷’’

গণশিল্পী হেমাংগ বিশ্বাসে কৈছিল যদি ৰাভা……… চৰকাৰী অনুগ্ৰহ প্ৰাৰ্থী লহেঁতেন তেওঁৰ কোনো প্ৰকাৰৰ অভাৱেই নাথাকিলহেঁতেন৷ কিন্তু ৰাভাই বাছি লে দৰিদ্ৰৰ পথ৷ অসমৰ লক্ষ লক্ষ দৰিদ্ৰ জনতাৰ শিল্পীৰ পথ ইয়াতকৈ ভিন্ন নোৱাৰে৷

সৈনিক শিল্পী বিষ্ণু ৰাভাই এটা কথা স্পষ্টভাৱে উপলব্ধি কৰিছিল যে যেতিয়ালৈকে নিস্পেষিত, নিৰ্যাতিত, অৰ্ধাহাৰী, অনাহাৰী জনসাধাৰণৰ দুখদুৰ্গতি আৰু যাতনা লাঘৱ কৰিব পৰা নহয় তেতিয়ালৈকে প্ৰকৃত কলাৰ বিকাশ নোৱাৰে৷

এক বহুমুখী প্ৰতিভাৰ আকৰ বিষ্ণুৰাভা আছিল স্বাধীনতা সংগ্ৰামৰ প্ৰথম শাৰীৰ সৈনিক, জ্বলন্ত দেশপ্ৰেমৰ নিদৰ্শন, সংস্কৃতিৰ পূজাৰী৷ অসমৰ জাতিজনগোষ্ঠীৰ প্ৰাণ স্পন্দন বুজি ঐক্যৱদ্ধ কৰাৰ প্ৰচেষ্টা চলাইছিল সংগ্ৰামী শিল্পী বিষ্ণুৰাভাই৷ নৃত্য, নাট্য, সংগীত আৰু লেখনিৰ মাজেৰে শোষণকাৰী পুঁজিবাদীৰ বিৰুদ্ধে জন সচেতনতা জাগ্ৰত কৰি তুলিছিল বিষ্ণুৰাভাই৷

বিষ্ণুৰাভাই কৈছিল যে মাক্সৰ্বাদলেলিনবাদে তেওঁৰ চঞ্চল, অস্থিৰ শিল্পী জীৱনলৈ আনি দিলে সাগৰ সংগ্ৰামৰ পূৰ্ণতা আৰn গভীৰতা৷ ১৯৪৬ চনৰ পৰা মাক্সৰ্বাদ আঁকোৱালি লোৱা বিষ্ণুৰাভাই সকলো ধৰণৰ সংকীৰ্ণতা আৰু জাতিগত বিদ্বেষৰ পৰা মুক্ত আছিল৷

আজীৱন ৰাইজৰ মাজত কটোৱা বিষ্ণুৰাভাই তেজপুৰ সাহিত্য সভাই আয়োজন কৰা অনুষ্ঠানত বক্তব্য প্ৰদান কৰিছিল এনেদৰে– ‘‘মানুহে মোক শিল্পী বুলি কয়৷ মই যদি শিল্পী হওঁ, বিধাতাৰ আশাৰ্বাদত মই শিল্পী হোৱা নাইৰাইজৰ আশিসতহে মই শিল্পী হৈছোঁ৷ ৰাইজৰ হিয়া কোঁহৰ পৰা এটুপি এটুপি সুন্দৰৰ ৰহ বুটলি আনি মই মোৰ মনকোঁহত ভৰাই লওঁ৷ সেই মনকোঁহকে ৰহঘৰাত মৌকোঁহ ৰচি, ভৰাই তাৰ পৰা টোপাল টোপাল ৰহ নিঙাৰি নিঙাৰি নিগৰি নিগৰি উলিয়াই ৰাইজক বিলাই দিওঁ৷ সেয়েহে ৰাইজৰ লগত মোৰ জীৱনৰ সম্পৰ্ক ওতঃপ্ৰোতভাৱে জড়িত আৰু সেইকাৰণে ৰাইজৰ দুখত মই সমদুখী, ব্যথাত সমব্যথী৷

১৮৯০ চনৰ ৩১ জানুৱাৰীত জন্মগ্ৰহণ কৰা ৰাভাদেৱৰ মৃত্যু হৈছিল ১৯৬৯ চনৰ ২০ জুনত৷ অসমৰ এগৰাকী বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা বিষ্ণুৰাভাই কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰানটৰাজনৃত্যুত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণে তেখেতক ১৯৩৯ চনত প্ৰদান কৰিছিলকলাগুৰুউপাধি৷ কিন্তু বিশিষ্ট চিন্তাবিদ সংগ্ৰামী বিপ্লৱী শিল্পী বিষ্ণুৰাভা দেৱককলাগুৰুউপাধিৰে বিভূষিত কৰাৰ ক্ষেত্ৰত মন্তব্য দাঙি দৰিছে এনেদৰে – ‘‘বেজবৰুৱাই গাই যোৱাৰ দৰে বিষ্ণুপ্ৰসাদ ৰাভা আছিলপুৰণি পৃথিৱীক অৰ্থাৎ অতীতক সমকালৰ উপযোগীকৈ চোৱা বা বিচাৰ কৰা গণবন্ধু, গণশিল্পী, গণ সাহিত্যিক আৰু সেই সকলোবোৰৰে কেন্দ্ৰীয় লক্ষ্য আছিল সাম্যবাদী বিপ্লৱ সফল কৰি তোলা৷ অথচকলাগুৰুউপাধিয়ে অনুমান কৰিবলৈ দিয়ে যেন ৰাভা আছিল এগৰাকী কলাকৈবল্যবাদী শিল্পীহে/ বাস্তৱত তেওঁ আছিল, সেই কলেজীয়া ছাত্ৰ কালৰে পৰা বিদ্ৰোহী বিপ্লৱী সাম্যবাদী শিল্পীসাহিত্যিকহে৷ আৰু সেই কাৰণেই, শ্ৰেণী সমাজ গঢ় লৈ উঠাৰে পৰা চিৰদিন অপমানিত, লাঞ্চিত আৰু বঞ্চিত হৈ অহা দেশৰ ধৰণী স্বৰূপ কৃষকবনুৱা জনগণৰ মানত ৰাভা আছিল তেওঁলোকৰ প্ৰাণৰ প্ৰিয় বন্ধু, সাহিত্যিক আৰু অতি প্ৰিয় নেতা৷’’

বিশ্বৰ ছন্দে ছন্দে, মহানন্দে আনন্দে নাচি উঠা ৰাভাদেৱৰ প্ৰাণ আছিল সুন্দৰৰ আৰাধনাৰে ভৰপূৰ৷ পুৰণি ভাঙিছিঙি সুন্দৰৰ লহৰত স্নান কৰা বিষ্ণুৰাভা দেৱৰ গীতত সেয়া প্ৰতিফলিত হৈছে এনেদৰে

‘‘ভাঙি দিলি খুলি দুৱাৰ সোণোৱালী

পূজাৰী সুন্দৰৰ পূজাৰী

শংখ বজোৱা বৰকাঁহ বজোৱা

আৰতি লগোৱা বন্তি জ্বলোৱা

অতি উলাহেৰে আদৰি’’

                                             (সুৰৰে দেউলৰে)

জন চেতনা জাগ্ৰত কৰিব খোজা সৈনিক শিল্পীজনে আকৌ গীতৰ মাধ্যমেদি কৈছিল

‘‘স্পন্দন তোৰ জাগেনে

কথা মালিকাৰ গোন্ধ লাগি

সোণৰ সপোন ভাগেনে

নাচে তৰা ছন্দে ছন্দে

বিশ্বভৰা মহানন্দে’’

সুন্দৰ সুষুমাৰে নান্দনিক পৰশেৰে ৰাভাৰ গীতকবিতাসমূহ জীপাল হৈ থাকিলেও বিষ্ণুৰাভা আছিল মূলতঃ বিপ্লৱী শিল্পী৷  ‘হে বিপ্লৱী বীৰ অধিনায়ক হেগীতটিত তাৰেই যেন প্ৰতিফলন ঘটিছে এনেদৰে

‘‘দিয়া অগ্নিবাণী বিপ্লৱৰ

ভাঙা বন্দীশাল কৌটিকালৰ

মুক্ত হওক নিৰ্যাতিতৰ

তব দীপ্ত অনুৰাগে

নিদ্ৰা আচম্বিতে জাগে

জাগে জাগে

জাগে নিপীড়িত দল জগত১…’’

এইজনা মহান শিল্পী, জনগণৰ শিল্পীৰ কথা কৈ থাকো মানে ওৰকে নপৰে৷ পৰিশেষত, সাম্ৰাজ্যবাদী অক্টোপাছী হাতোৰাৰ কৃষ্টিসংস্কৃতি, জাতীয় জীৱন ৰক্ষা কৰিবলৈ সম্প্ৰতি বিষ্ণুৰাভা দেৱৰ কৰ্মৰাজিৰ প্ৰাসংগিকতা আহি পৰিছে অতীৱ৷