

টাই জনগোষ্ঠীৰ ঐশ্বৰ্যশীল সভ্যতা, সংস্কৃতি, পৰম্পৰা, উৎপত্তি-পৰিৱৰ্ধন আৰু ক্ৰমবিকাশ, ৰাজনৈতিক আধিপত্য বিস্তাৰৰ হাজাৰ হাজাৰ বছৰীয়া ঐতিহ্যমণ্ডিত ইতিহাসৰ পমখেদি অতীতৰ বঙিয়াইদি ভটিয়াইড গ’লে দেখা পোৱা যায় চীন দেশৰ মঙ্গোলীয় মালভূমিৰ উত্তৰে অৱস্থিত চিৰসেউজ কৰ্দৈসিৰীয়া আলটাই পবৰ্তমালাৰ বক্ষভেদি নিগৰি অহা চিৰ-বহ্নিমান টাইৰিম নদীৰ নয়নাভিৰাম অৱবাহিকা আৰু বৈকাল হ্ৰদৰ সুকোমল কোলাত, প্ৰভাতী অৰুণৰ সোণালী কিৰণে এমুঠিমান বুকুৰ আপোন […]

