Current Topic

শত্ৰুতা,প্ৰশংসা ইত্যাদি…

জয়ন্ত দাস প্ৰশংসাই মানুহৰ আত্মসন্মান বৃদ্ধি কৰে৷ কাৰোবাৰ প্ৰশংসাৰ পাত্ৰ হ’ব পৰাটোও এটা ডাঙৰ গুণ৷ প্ৰত্যেক মানুহেই কামৰ অন্তত নিজৰ প্ৰশংসা কামনা কৰে৷ প্ৰশংসাই মানুহ এজনৰ নিজৰ কামৰ প্ৰতি থকা দায়বদ্ধতা আৰু নিয়মানুবৰ্তীতাকে প্ৰকাশ কৰে৷ এনেকুৱাও নহয় যে আমি সকলো সময়তে সকলো কামৰ কাৰণেই প্ৰশংসা লাভ কৰিম৷ প্ৰশংসাৰ কামৰ ফল সদায় ইতিবাচক হ’ব লাগিব৷ স্থান, […]

শত্ৰুতা,প্ৰশংসা ইত্যাদি…

জয়ন্ত দাস

প্ৰশংসাই মানুহৰ আত্মসন্মান বৃদ্ধি কৰে৷ কাৰোবাৰ প্ৰশংসাৰ পাত্ৰ পৰাটোও এটা ডাঙৰ গুণ৷ প্ৰত্যেক মানুহেই কামৰ অন্তত নিজৰ প্ৰশংসা কামনা কৰে৷ প্ৰশংসাই মানুহ এজনৰ নিজৰ কামৰ প্ৰতি থকা দায়বদ্ধতা আৰু নিয়মানুবৰ্তীতাকে প্ৰকাশ কৰে৷ এনেকুৱাও নহয় যে আমি সকলো সময়তে সকলো কামৰ কাৰণেই প্ৰশংসা লাভ কৰিম৷ প্ৰশংসাৰ কামৰ ফল সদায় ইতিবাচক লাগিব৷ স্থান, কাল অনুযায়ী কামৰ প্ৰতি যদি আমি দায়বদ্ধ হৈ কৃতকাৰ্য পাৰোঁ, তেতিয়াহলে সেই কামত প্ৰশংসা অৱশ্যেই লাভ কৰিব পাৰি৷ তাৰোপৰি প্ৰশংসাই এটা সম্পৰ্কক অধিক মজবুত কৰিও তুলিব পাৰে৷ বিশেষকৈ শত্ৰুৰ প্ৰতি থকা আমাৰ আক্ৰোশ মনোভাৱক যদি প্ৰশংসালৈ ৰূপান্তৰিত কৰিব পাৰোঁ তেতিয়াহলে শত্ৰুৰ পৰাও আমি ইতিবাচক সঁহাৰি লাভ কৰিবলৈ সক্ষম ম৷ শত্ৰুক কেৱল শত্ৰু হিচাপেই গণ্য নকৰি শত্ৰুই কৰা ভাল কামক সদায় প্ৰশংসাৰ দৃষ্টিকোণেৰে বিচাৰ কৰিব লাগে৷ যাৰ ফলত আমাৰ মানৱীয় গুণৰো বিকাশ হয়৷আমি যদি শুদ্ধ আৰু পবিত্ৰ হৈ থাকিব বিচাৰোঁ তেতিয়াহলে মানুহৰ কল্যাণ সাধন কৰাটোকে নিজৰ জীৱনৰ আনন্দ বুলি ভাবিব পাৰিব লাগিব৷

   শত্ৰুতা আহে মানুহৰ আদিম ৰিপু ঈৰ্ষাৰ পৰা৷যাৰ ফলত অধিকাংশ মানুহেই ব্যক্তিগত জীৱনত নানান ধৰণৰ শত্ৰুৰ দ্বাৰা পৰিব্যাপ্ত হয়৷ বহুতৰে জীৱনৰ ভালেখিনি সময় শত্ৰুৰ সৈতে যুদ্ধ কৰোঁতেই পাৰ হৈ যায়৷ শত্ৰুৱে সদায় চেষ্টা কৰে যাতে তেওঁৰ শত্ৰুৰ কোনোধৰণৰ উন্নতি নহয়৷ শত্ৰুৱে যাতে কোনো কাৰণতে তেওঁক অতিক্ৰম কৰি যাব নোৱাৰে তেনেকুৱা জেদ ভাৱে অনবৰতে নিজকে অন্তৰ্দ্বন্দত ভোগায়৷ শত্ৰুৰ বিৰুদ্ধে কুটকৌশল ৰচনা কৰোঁতে বহুতে মানসিক ভাৰসাম্যও হেৰুৱাই পেলায়৷ পৰস্পৰৰ মাজত এনেদৰে শত্ৰুতাৰ ভাব যিমানেই বাঢ়ি যাব সিমানেই আমি মানসিকভাৱেও কিছুমান উদ্ভত আচৰণ কৰিবলৈ ম৷ শত্ৰুতাৰ বিৰুদ্ধে শত্ৰুতা কৰি কোনো লাভ নাই৷ বৰঞ্চ ইয়াৰ ফলত মানসিক উদ্বেগ আৰু দুশ্চিন্তা বৃদ্ধি হয়৷ ৰাস্তাৰ মাজত শত্ৰুৰ লগত কাজিয়াত লিপ্ত হৈ সময় নষ্ট কৰিলে নিজ লক্ষ্যত উপনীত হওঁতে যথেষ্ট পলম হব৷ ঈৰ্ষাপৰায়ণ ব্যক্তিয়ে সাধাৰণতে তেওঁৰ শত্ৰুক প্ৰৰোচিত নাইবা উত্তেজিত কৰিবলৈ চেষ্টা কৰে৷ প্ৰৰোচনাৰ বলি হৈ শত্ৰুক বশ কৰিবলৈ চেষ্টা কৰিলেও আমি মানসিক সন্তুলন হেৰুৱাই পেলোৱাৰ ভয় থাকে৷ শত্ৰুক বশ কৰিবলৈ লে আমি আত্মসন্মান বিসৰ্জন দিবলৈও কুণ্ঠাবোধ নকৰোঁ৷ তাৰ বিপৰীতে যদি শত্ৰুৰ প্ৰতিও কিছু প্ৰশংসাৰ মনোভাব লৈ শত্ৰুক বশ কৰাৰ চেষ্টা কৰোঁ তেতিয়াহলে সময় আৰু সুযোগৰ সদ্ব্যৱহাৰ হোৱাৰ লগতে আমাৰ আক্ৰমণাত্মক মনোভাবকো দমন কৰিব পাৰিম৷

   প্ৰকাশ্যে কাৰো নিন্দা কৰা উচিত নহয়৷ পৰনিন্দা কৰা মানেই শত্ৰুৰ সংখ্যা বৃদ্ধি কৰা৷ সচেতন ব্যক্তিয়ে কেতিয়াও সভাৰ মাজত কাৰো পৰনিন্দা নকৰে৷ যি কথা শুনিলে কোনোবাই মনত আঘাত পাব পাৰে তেনে কথা সঁচা লেও তেওঁলোকে কোৱাৰ পৰা বিৰত থাকে৷ অৱশ্যে আদৰ্শগত কাৰণত কেতিয়াবা কেতিয়াবা নিন্দাও কৰিব লগা পাৰে৷ কিন্তু আদৰ্শগত বিৰোধিতা থাকিলে শত্ৰুৰ সংখ্যা কম কৰাটো কঠিন হৈ পৰে৷ পৰাপক্ষত আদৰ্শগত কাৰণক লৈ কাৰো লগত শত্ৰুতা কৰিব নালাগে৷ ব্যক্তিগত কাৰণত হোৱা শত্ৰুতা আৰু আদৰ্শগত কাৰণত হোৱা শত্ৰুতাৰ মাজত পাৰ্থক্য আছে৷ ব্যক্তিগত শত্ৰুতাক ইচ্ছা কৰি অলপ সচেষ্ট লেই বশ কৰিব পাৰি৷ কিন্তু আদৰ্শগত কাৰণত হোৱা শত্ৰুতাক সহজে বশ কৰিব নোৱাৰি৷ এইক্ষেত্ৰত শত্ৰুক বশ কৰাটো মূৰৰ ওপৰত ছাতি লৈ সূৰ্যৰ তাপ প্ৰশমিত কৰাৰ লেখিয়া কথা৷ অৰ্থাৎ মূৰৰ ওপৰত ছাতি লৈ আমি সূৰ্যৰ তাপহে প্ৰশমিত কৰিব পাৰিম, গোটেই সূৰ্যটোক নহয়৷ ঠিক একেদৰে আদৰ্শগত কাৰণত হোৱা শত্ৰুতাৰ প্ৰকোপ কিছু কমাব পাৰিলেও, কিন্তু সম্পূৰ্ণ শত্ৰুক বশ কৰা সহজ নহয়৷ তাৰ বিপৰীতে যদি শত্ৰুক প্ৰশংসাৰ দৃষ্টিৰে চোৱা হয় তেতিয়া হয়তো সেই শত্ৰুকো আমি বশ কৰিব পাৰিম৷

   আমাৰ সমাজ ব্যৱস্থাৰ মাজতেই আছে ঈৰ্ষাৰ বীজ৷ আমাৰ ব্যৱহাৰিক জীৱন যাত্ৰাত ঈৰ্ষাই বহু ক্ষেত্ৰত আমাক বিপদত পেলায়৷ ধন, সম্পদ, ঐশ্বৰ্য্যয়ো মানুহৰ মনত ঈৰ্ষাৰ জন্ম দিয়ে৷ সাধাৰণ দৃষ্টিকোণেৰে যদি আমি বিচাৰ কৰোঁ তেতিয়া দেখিম যে দুখীয়া মানুহবোৰ সহজতে সুখী পাৰে৷ মানুহৰ মাজত যেতিয়া ব্যক্তিগতভাৱে কোনো গাড়ী মটৰ নাছিল তেতিয়া ধনীদুখীয়া বুলিও কোনো প্ৰভেদ নাছিল৷ কিন্তু লাহে লাহে আৰ্থিক সমৃদ্ধিৰ লগে লগে মানুহৰ মাজত শ্ৰেণীবৈষম্য, ব্যক্তিবৈষম্যৰ সৃষ্টি ল৷ শ্ৰেণীবৈষম্যৰ পৰিণতিত মানুহৰ ব্যক্তিগত ঈৰ্ষাৰো জন্ম ল৷ এই ঈৰ্ষাই ক্ৰমান্বয়ে মানুহৰ শত্ৰুৰ সংখ্যাও বৃদ্ধি কৰিলে৷ শত্ৰুতাৰ ফলত এচামে আনচামক ঈৰ্ষাৰ দৃষ্টিৰে চাবলৈ ধৰিলে৷ এইবোৰ কাৰণতে মানুহৰ মাজত মতানৈক্য দেখিবলৈ পোৱা যায়৷ শত্ৰুক শত্ৰুৰ দৃষ্টিৰে বিচাৰ কৰিবলৈ লে শত্ৰুতা কেতিয়াও কমি নাহে৷ সমাজ এখনত যদি হিংসা আৰু ঈৰ্ষাৰ প্ৰকোপ কমিবলৈ ধৰে তেনেকুৱা সমাজ এখনক আমি কৃতিত্বৰ দাবীদাৰ বুলি পাৰোঁ৷

   শত্ৰুৰ লগত যুঁজ কৰাতকৈ নিজৰ শক্তি বৃদ্ধিৰ দিশত মনোযোগ দিয়াটোৱে আচল কথা৷ ডাক্তৰে আমাক সদায় নিৰোগী হৈ থাকিবলৈ পৰামৰ্শ দিয়ে৷ তাৰ মাজতো ৰোগ নিৰাময়ৰ কাৰণে আমি ঔষধ ব্যৱহাৰ কৰোঁ৷ কিন্তু যেতিয়া আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰিম তেতিয়া কোনো ৰোগব্যাধিয়ে আমাক আক্ৰমণ কৰিব নোৱাৰিব৷ অৰ্থাৎ শত্ৰু বৃদ্ধি কৰাতকৈ নিজৰ শক্তি,সামৰ্থ বৃদ্ধি কৰাতহে আমি গুৰুত্ব দিব লাগে৷ সৎ আৰু বিবেকবান হৈ নিজৰ যোগ্যতা,কৰ্মদক্ষতা বৃদ্ধি কৰিব পাৰিলে শত্ৰু ঈৰ্ষান্বিত লেও বিশেষ ক্ষতি কৰিব নোৱাৰে৷ বৰঞ্চ শত্ৰুৰ মনতো আপোনাৰ প্ৰতি প্ৰশংসাৰ মনোভাৱ জাগ্ৰত ব৷

FacebookFacebookfb-share-iconYouTubeInstagram