Current Topic

হেৰোৱা দিনৰ সুবাস (পপী চহৰীয়া)

আজি ৰবিবাৰ৷ চৰকাৰী চাকৰিয়ালবোৰৰ বাবে আজি বন্ধৰ দিন৷ বন্ধৰ দিনটোত চৰকাৰী চাকৰিয়ালবোৰে প্ৰায়ে ঘৰতে থাকি ইটো-সিটো কৰি থাকে৷ দিনটো কৰ্মব্যস্ততাৰ মাজেৰে অতিবাহিত কৰি প্ৰায় ৩ বজাত বৰুৱাই ভৰি-হাত ধুই আৰামী চকীখনত বহিলগৈ৷ লগে লগে বৰুৱাৰ জীয়েকে চাহ একাপ দিলেহি৷ চাহকাপৰ পৰা ওলোৱা তেজপাতৰ ধুনীয়া গোন্ধটো ভাহি আহিল৷ বৰুৱাই চাহকাপ হাতত লৈ খাবলৈ ধৰিলে৷ এইবাৰ বৰুৱা […]

আজি ৰবিবাৰ৷ চৰকাৰী চাকৰিয়ালবোৰৰ বাবে আজি বন্ধৰ দিন৷ বন্ধৰ দিনটোত চৰকাৰী চাকৰিয়ালবোৰে প্ৰায়ে ঘৰতে থাকি ইটোসিটো কৰি থাকে৷ দিনটো কৰ্মব্যস্ততাৰ মাজেৰে অতিবাহিত কৰি প্ৰায় বজাত বৰুৱাই ভৰিহাত ধুই আৰামী চকীখনত বহিলগৈ৷ লগে লগে বৰুৱাৰ জীয়েকে চাহ একাপ দিলেহি৷ চাহকাপৰ পৰা ওলোৱা তেজপাতৰ ধুনীয়া গোন্ধটো ভাহি আহিল৷ বৰুৱাই চাহকাপ হাতত লৈ খাবলৈ ধৰিলে৷ এইবাৰ বৰুৱা আৰামী চকীখনৰ পৰা উঠিল আৰু প্ৰতিদিনে যোৱা দোকানখনলৈ বুলি ওলাই ল৷ গৈয়ে তেওঁ দোকানৰ সন্মুখত থকা বেঞ্চখনত বহিল৷ দোকানখনত কিবা নতুন বস্তু যোগ হৈছে নেকি বৰুৱাই এফালৰ পৰা চকু ফুৰালে যদিও কোনো নতুন বস্তু সংযোগ হোৱা নাই৷ বৰুৱাৰ লগত দোকানীজনৰ বিশেষ চিনাকি নাই তথাপিও বৰুৱাই দোকানীজনক বৰ ভাল পায়৷ দোকানীজনো বৰ অমায়িক ভদ্ৰ যুৱক৷ যুৱকজনে জীয়াই থকাৰ তাড়নাত সৰু ঘূমটিতো ভাড়াতলৈ দোকানখন দিছে৷

: বাবু পইচা দিয়ক৷ ভিক্ষাৰীজনৰ কথাতহে বৰুৱাই স্বম্ভিত ঘূৰাই পালে৷

ঃএই কাইলৈ দিম যা আজি মোৰ তাত পইচা নাই৷

ৰাতিপুৱাৰ পৰা একো খোৱা নাই বাবু কিবা এটা দিয়ক না৷

  এইবাৰ বৰুৱাই ভিক্ষাৰীজনৰ মুখলৈ চালে৷ ভিক্ষাৰীজনৰ মুখখনত এটা ক্লান্তিৰ চাপ স্পষ্টকৈ পৰিছে৷ গাৰ চালবোৰ সোটোৰাসোতৰি দিছে৷ বয়স প্ৰায় ৪০ বছৰমান ব৷ বৰুৱাই ভিক্ষাৰীজনৰ মুখখন কৰবাত দেখা দেখা যেন অনুভৱ ল৷ দেখিছিল বাৰু? বৰুৱাই পুৰণি স্মৃতি বোৰ ৰোমন্থন কৰিলে, নাই মনত নপৰে, উগুলথুগুল ভাব এটা লৈ বৰুৱাই এইবাৰ ভিক্ষাৰীজনক সুধিলে

এই ঘৰ তোৰ?

মোৰ ঘৰ তো নাই বাবু যতেই ৰাতি ততেই কাতি

তোৰ আৰু কোন কোন আছে?

মোৰ কেও কিছু নাই বাবু৷ এদিন সকলো আছিল৷ কিc… কিন্তু আজি মোৰ কোনো নাই৷

তই যাবি কলৈ?

সেই কহঁৰা গাঁৱত থকা জুপুৰিটোলৈ৷

কঁহৰা গাঁৱৰ নামটো শুনি বৰুৱা আচৰিত ল৷ বৰুৱাওটো সৰুতে কঁহৰা গাঁৱত থকা খুড়াকৰ ঘৰত থাকিয়েই পঢ়াশুনা কৰিছিল৷ এটিয়া খুড়াকৰ লগত সিয়ো চহৰখনলৈ উঠি আহিছে৷ আজি ২০বছৰ ধৰি বৰুৱাৰ কঁহৰা গাওঁ খনৰ লগত কোনো ধৰণৰ সম্পৰ্কই নাই৷ সেইবাবে গাঁৱৰ মানুহবোৰক তেওঁ এতিয়া চিনি নাপায়৷ এইবাৰ বৰুৱাই আৰু উৎকণ্ঠাৰে ভিক্ষাৰীজনক সুধিলে৷

তোৰ নাম কি?

ঃভিক্ষাৰীজনে এটি৷ হুমুনিয়াহ কাঢ়ি লেমোৰ নাম অমল বৰুৱা বাবু৷

কিতোৰ নাম অমল বৰুৱা৷ এইবাৰ বৰুৱাৰ চকুহাল আৰু ডাঙৰকৈ মেলখালে৷ তেওঁৰ মনত আছে শ্ৰেণীত সদায় প্ৰথম হোৱা ৰাজনেই আছিল অমল বৰুৱা৷ কিন্তু নৱমমানৰ পৰা অমলে পঢ়া এৰি দিছিল৷

  বৰুৱাই সুধিলেতই পঢ়িছিলি নে নাই

ভিক্ষাৰীজনে কৰুণভাৱে লে পঢ়িছিলোঁ বাবু, মই নৱম মানলৈ পঢ়িছিলোঁ৷ মই শ্ৰেণীৰ ভিতৰতে প্ৰথম আছিলোঁ৷ কিন্তু ভগৱানে সহ্য কৰিব নোৱাৰিলে মই পঢ়া৷ বাৰিষাৰ নদীয়ে মথাউৰি ভগা বানত আমাৰ পৰিয়ালৰ সকলো উটি ল৷ মই মই পাপী সেইবাবে মোক মাৰি নিনিলে৷ দুখযাতনা ভোগ কৰিবলৈ মোক জীয়াই ৰাখিছে কণা বিধাতাই৷

বৰুৱাই কলে, ‘তেতিয়াহলে তই মোক চিনি পাইছ?’

বিস্ময়কৰ চাৱনিৰে ভিক্ষাৰীজনে বৰুৱালৈ ভালেমান পৰ চাই কলেতুমি মনোজ বৰুৱা নেকি বাৰু?

বন্ধু মই মনোজ বৰুৱা৷ কিন্তু তোৰ এই অৱস্থা কেনেকৈ? সেইবোৰ কৈ তই মোক জ্বলা জুইত ঘিঁউ নাঢালিবি মনোজ৷

 

 ঠিক আছে বাৰু সেইবোৰ এতিয়া যাবলৈ দিয়া৷ তই মোৰ লগত ঘৰলৈ ল৷ পুনৰ দুয়ো বন্ধুৰ মিলন ল৷ দুয়োৰে দুগালেদি আনন্দৰ লোতক বাগৰি আহিল৷ 

FacebookFacebookfb-share-iconYouTubeInstagram