Current Topic

আমাৰ অনুভৱ

‘উত্তৰাকাণ্ড ৰামায়ণ’ৰ সীতা ড॰ নিৰুপমা ভট্টাচাৰ্য শংকৰদেৱৰ সাহিত্য বা দৃষ্টিত নাৰীৰ ধাৰণা আচলতে এক গৱেষণাৰ বিষয়৷ স্ত্ৰী চৰিত্ৰসমূহ তেওঁৰ ৰচনাত কি ধৰণে প্ৰতিফলিত হৈছে তাক আলোচনা কৰাটো আজিৰ সমাজৰ পৰিপ্ৰেক্ষিতত অতিশয় প্ৰাসংগিক বুলি চিহ্নিত কৰিব পাৰি৷ বৰ্তমান নাৰীবাদৰ ধাৰণাৰ উন্নত প্ৰসাৰৰ যুগতো শংকৰদেৱৰ দৰ্শনত নাৰীয়ে কি ভূমিকা গ্ৰহণ কৰিছিল সেয়া সময় উপযোগী বুলি অনুভৱ হৈছে৷ […]

আমাৰ অনুভৱ

উত্তৰাকাণ্ড ৰামায়ণ’সীতা

নিৰুপমা ভট্টাচাৰ্য

শংকৰদেৱৰ সাহিত্য বা দৃষ্টিত নাৰীৰ ধাৰণা আচলতে এক গৱেষণাৰ বিষয়৷ স্ত্ৰী চৰিত্ৰসমূহ তেওঁৰ ৰচনাত কি ধৰণে প্ৰতিফলিত হৈছে তাক আলোচনা কৰাটো আজিৰ সমাজৰ পৰিপ্ৰেক্ষিতত অতিশয় প্ৰাসংগিক বুলি চিহ্নিত কৰিব পাৰি৷ বৰ্তমান নাৰীবাদৰ ধাৰণাৰ উন্নত প্ৰসাৰৰ যুগতো শংকৰদেৱৰ দৰ্শনত নাৰীয়ে কি ভূমিকা গ্ৰহণ কৰিছিল সেয়া সময় উপযোগী বুলি অনুভৱ হৈছে৷

সৃষ্টিৰ উৎস জননীক শংকৰদেৱে নানাধৰণে নানা ছন্দ, গান, ৰূপৰসেৰে ভৰাই তুলিছিল৷ সকলোবোৰ আলোচনা এই সামান্য প্ৰবন্ধত আলোচনা কৰা সম্ভৱপৰ নহয় বাবে আমি তেখেতৰ এটা চৰিত্ৰকে ফুটাই তোলাৰ যত্ন কৰিব খুজিছোঁ৷

বৈদিক যুগতো মন্ত্ৰ দ্ৰষ্টা ঋষিসকলে বিশ্ব প্ৰপঞ্চৰ নিয়ামকৰূপে এক স্ত্ৰী সত্তা স্বীকাৰ কৰি লৈছিল৷ ঋকবেদৰ দেৱীসূত্ৰত অসীম ক্ষমতাশালিনী শক্তিক দৈৱিক ৰূপ প্ৰদান কৰা হৈছিল৷ যুগে যুগে মাতৃক শ্ৰদ্ধাসন্মানৰ গৰাকী বুলি প্ৰমাণ কৰা হৈছিল৷