

দেৱালী বা দ্বীপান্বিতা হ’ল পোহৰৰ উৎসৱ৷ এই উৎসৱত গাঁৱে-ভূঞে, চহৰে-নগৰে প্ৰতিঘৰৰ পদুলিত চাকি জ্বলে৷ চৌদিশে ফটকা ফুটে, আতছবাজী হয়৷ মাটিৰ চাকি, নানা ৰং-বৰঙী বিজুলী চাকি, ৰং-বিৰঙৰ মমবাতি আৰু আতছবাজীৰ পোহৰে অমাৱস্যাৰ ঘোৰ আন্ধাৰ আঁতৰাই জগত পোহৰাই আমালৈ লৈ আহে অফুৰন্ত আনন্দ আৰু সুখানুভুতি৷ এই উৎসৱত সমাহাৰ ঘটে আনন্দ, আশা আৰু উন্মাদনাৰ৷ সেয়ে আনন্দ, উল্লাস, ৰং-ধেমালি, […]

