

ৰাজ্যৰ আগশাৰীৰ সংগীত প্ৰতিষ্ঠান ‘পিয়ানো কিড্ছ’ৰ শতাধিক প্ৰতিভাবান ছাত্ৰ-ছাত্ৰীয়ে যোৱা ৭ এপ্ৰিল তাৰিখে পিয়ানো বাদনৰ এক বৰ্ণাঢ্য অনুষ্ঠানেৰে প্ৰতিষ্ঠানটোৰ জ্জ্বম বৰ্ষপূৰ্তি গুৱাহাটীৰ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উদ্যাপন কৰে৷ ছাত্ৰ-ছাত্ৰীসকলৰ এই সংগীতানুষ্ঠান তথা পাৰদৰ্শিতাই সংগীত অনুৰাগীসকলৰ মনত আশাৰ সঞ্চাৰ কৰিছে৷ প্ৰখ্যাত পিয়ানো বাদক কুশল কৃষ্ণ দেৱ গোস্বামীৰ পৰিকল্পনা আৰু পৰিচালনাৰে অনুষ্ঠিত সংগীতানুষ্ঠানটিৰ শিৰোনাম আছিল ‘নাইট […]

