Current Topic

পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু ভাৰতীয় মানুহৰ লেতেৰা স্বভাৱ (নিমানন্দ দাস)

ইউৰোপ, আমেৰিকাৰ লোকে ভাৰতীয় মানুহক জঘন্য লেতেৰা বুলি তুচ্ছ-তাচ্ছিল্য কৰে৷ কিছুমান ভাৰতীয়ৰ বাবে ই কিমান লজ্জাজনক তথা হৃদয়বিদাৰক সেয়া বুজাই বুজে৷ ভাৰতীয় মানুহৰ লেতেৰা স্বভাৱৰ কিছুমান নমুনা ঃ য’তে-ত’তে থুওৱা–জহি-খহি যোৱা বিধবস্ত ৰাস্তাতো বাদেই সুন্দৰ মসৃণ পকী পথ, কংক্ৰীট পথতো থুৱাই, পিক্‌পেলাই লেতেৰো কৰি পেলোৱাতো একাংশ ভাৰতীয়ৰ স্বভাৱ৷ অধিকাংশ ভাৰতীয়ই তামোল-চূণ-পান, চূণ-চাধা খায়৷ আজিকালি বিগত […]

পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু ভাৰতীয় মানুহৰ লেতেৰা স্বভাৱ (নিমানন্দ দাস)


ইউৰোপ, আমেৰিকাৰ লোকে ভাৰতীয় মানুহক জঘন্য লেতেৰা বুলি তুচ্ছতাচ্ছিল্য কৰে৷ কিছুমান ভাৰতীয়ৰ বাবে কিমান লজ্জাজনক তথা হৃদয়বিদাৰক সেয়া বুজাই বুজে৷

ভাৰতীয় মানুহৰ লেতেৰা স্বভাৱৰ কিছুমান নমুনা তেতে থুওৱাজহিখহি যোৱা বিধবস্ত ৰাস্তাতো বাদেই সুন্দৰ মসৃণ পকী পথ, কংক্ৰীট পথতো থুৱাই, পিক্পেলাই লেতেৰো কৰি পেলোৱাতো একাংশ ভাৰতীয়ৰ স্বভাৱ৷ অধিকাংশ ভাৰতীয়ই তামোলচূণপান, চূণচাধা খায়৷ আজিকালি বিগত কেইবা বছৰ ধৰি ভাৰতত প্ৰচলিত হৈ থকা ফুটপাথৰ পানতামোল আৰু ষ্টেচনাৰী দোকানত সহজলভ্য পানমছলা গুটখাশিখৰ, ৰজনীগন্ধা, কমলা পছন্দ, বিমল জাতীয় মাৰাত্মক ক্ষতিকাৰক নিচাযুক্ত দ্ৰব্যবোৰ ভক্ষণ কৰা ভাৰতীয় লোকসকলে চিনেমাহল, হোটেল, ৰাজহুৱা বাথৰুমৰ বেচিন, ৰাজপথ, ঘৰৰ চিৰিৰ কোণ, কাষ, বাথৰুমত থুৱাই, পিকাই ঘিনলগা, দুৰ্গন্ধযুক্ত দাগ সিৃষ্ট কৰি পেলায়৷ ইয়াৰ কাৰণে এই দ্ৰব্যবোৰ নিষিদ্ধ নকৰিলে ইয়াৰপৰা হোৱা পৰিৱেশ, চৌপাশ লেতেৰা হোৱাৰ পৰা ভাৰত মুক্ত নোৱাৰিব৷ তেতে থুখেকাৰ নেপেলাব বুলি ফলক লগোৱা থাকে, জৰিমনা বিহাৰ কথা চৰকাৰীভাৱে উল্লেখ থাকে যদিও লেতেৰে স্বভাৱৰ লোকসকলে ভয় নকৰে৷ জৰিমানও বিহা নহয়৷ সেইকাৰণে জৰিমনা বিহাৰ ভয় দেখুৱাই লাভ হোৱা নাই৷

অধিকাংশ ভাৰতীয়ৰ হকেবিহকে তেতে থু পেলোৱা, পিক পেলোৱা স্বভাৱটো আছে৷ চূণচাধা, পানতামোল খোৱাৰ অভ্যাসটো ভাৰতত আছে বাবে থুপিক পেলোৱাৰ প্ৰকোপটো বেছি৷ থুখেকাৰে যে বেমাৰ আজাৰ বিয়পায় সেই বিষয়ে নিৰক্ষৰ, অশিক্ষিত লোকৰ জনস্বাস্থ্য সচেতনতাৰ অভাৱ৷ আনকি শিক্ষিত লোকেও জনস্বাস্থ্য সচেতনতাক ভেঙুচালি আওাকন কৰি তেতে থুখেকাৰ পেলাই ৰাজহুৱা স্থান, ঘৰ, অট্টালিকাৰ চিৰি, চুককোণ লেতেৰা কৰে৷ সেয়ে অভদ্ৰ ব্যক্তিৰ থুখেকাৰৰ দ্বাৰা ৰক্ষা পৰিবলৈ ৰাম, কৃষ্ণ, দুৰ্গা, হনুমান, গণেশ আদি ভগৱান আৰু নানা  দেৱদেৱীৰ ফটো আঁৰি দিয়া হয়৷

তেতে জাবৰজোঁথৰ পেলাই চাফচিকুণ স্থান পুতিগন্ধময় নৰক সদৃশ কৰি পেলোৱাটো ভাৰতীয় মানুহৰ আন এটা লেতেৰো স্বভাৱৰ নমুনা৷ বহু নগৰচহৰৰ জাৱৰ নিস্কাষ¸ণৰ ব্যৱস্থাটো স্মাৰ্ট নহয় আৰু গাফিলতিৰে ভৰা বাবেও ভাৰতৰ বহু নগৰচহৰ জাবৰজোথৰৰ কদৰ্যতাৰে ভৰা৷ পাশ্চাত্যৰ দেশৰ লোকে জাবৰ পেলোৱা স্থান নাপালে জাবৰ বেগত, গাড়ীতে ৰাখি বা জেপত ৰাখি জাবৰ পেলোৱা নিৰ্দিষ্ট স্থানতহে পেলায়৷ আমাৰ ভাৰতীয়ৰ এনে মানসিকতা দুৰ্লভ৷

আমি কোনো এটুকুৰা অতি চাফচিকুণ স্থানত উপস্থিত লে মনটো পৰিষ্কাৰ, সজীৱ আৰু ফৰকাল লাগে৷ আৰু হাতত খোৱা খাদ্য বা আন পেলনীয়া সামগ্ৰী জমা লে তেতে পেলাবলৈ মন নাযায়৷ কিন্তু কিছুমান মানুহে নিদ্বিৰ্ধায় তেতে জাবৰ পেলায় নিঃসংকোচে৷ অকণো লজ্জাবোধ নকৰে৷

চহৰত আৱৰ্জনাৰ পানী বৈ যাবলৈ ৰাস্তাৰ দুয়োপাৰে নিৰ্মাণ কৰা নলানৰ্দমাত প্লাষ্টিকৰ মোনা আৰু  বটলৰ জাবৰ পেলাই ভাৰতীয় এচামে অতি গৰ্হিত কাম কৰে৷ ফলত চহৰত পানীৰ বোৱতি সুঁতি স্তব্ধ হৈ কৃত্ৰিম বানপানীৰ সৃষ্টি হয়৷ দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হয়৷

তেতে কুকুৰ, মেকুৰী, কাউৰী এটা মৰি গেলিপচি থাকি দুৰ্গন্ধ ওলালেও ওচৰপাজৰৰ ৰাইজে নাকমুখত ৰুমাল লৈ দুৰ্গন্ধ সহ্য কৰি থাকিব কিন্তু নিজে অশুচি হোৱাৰ ভয়ত মৰাশটো নেপেলায় বা পৌৰ নিগম বা পৌৰ সভাৰ মানুহক লৰালৰিকৈ খবৰ নিদিয়ে৷

ৰাজহুৱা টয়লেট, প্ৰস্ৰাৱগাৰ বহুতে ব্যৱহাৰ কৰাৰ পাছত চাফা কৰি নথয়৷ পানীৰে পৰিস্কাৰ নকৰি নৰক সদৃশ পৰিৱেশ সৃষ্টি কৰে৷

বিগত পাঁচ বছৰ ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চাফচিকুণতাকস্বচ্ছ ভাৰত অভিযানশিৰোনামাৰে এক বিপ্লৱৰ ৰূপ দিবলৈ প্ৰয়াস কৰিছিল গান্ধীজীৰ জন্ম জয়ন্তীক লক্ষ্য কৰি, কিন্তু সফলতা লাভত  ব্যৰ্থ হৈছে এচাম ভাৰতীয়ৰ উদাসীনতাৰ বাবে৷ মহাত্মাগান্ধীৰ জীৱনৰ বাণী আছিল চাফচিকুণতা৷ তেওঁ নিজেও হাতেকামে পৰিৱেশ পৰিষ্কাৰপৰিচ্ছন্ন কৰি ৰাখিছিল৷ আহক আমি মহাত্মাগান্ধীৰ স্বচ্ছ ভাৰত গঢ়াৰ সপোনক বাস্তৱায়িত কৰিবলৈ আমাৰ মাজত থকা অপৰিস্কাৰ তথা লেতেৰা মানসিকতা বৰ্জন কৰোহঁক৷

FacebookFacebookfb-share-iconYouTubeInstagram