Current Topic

মে-ডাম-মে-ফী

মে–ডাম–মে–ফী ডাঙ্ম দয়ানন্দ বৰগোহাঞি মে–ডাম–মে–ফী ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি পৃথিৱীৰ প্ৰত্যেক সভ্য জাতিয়েই নিজৰ পূৰ্ব-পুৰুষক স্মৰণ কৰে আৰু বিভিন্ন প্ৰণালীৰে […]

মে-ডাম-মে-ফী

পৃথিৱীৰ প্ৰত্যেক সভ্য জাতিয়েই নিজৰ পূৰ্বপুৰুষক স্মৰণ কৰে আৰু বিভিন্ন প্ৰণালীৰে পূজাঅৰ্চনা স্মৰণৰ যোগেদি আশিস¸ লয়৷ মেস্মৃতি তৰ্পণ, ডামমৃতক, মেস্মৃতি তৰ্পণ, ফীদেৱতা অৰ্থাৎ মৃতক আৰু ফী সকলৰ স্মৃতিত অৰ্পণ৷ তাইআহোম সকলৰ বিশ্বাস যে কোনো লোকৰ মৃত্যুৰ পিছত যথা নিয়মেৰে সৎকাৰ আৰু সকামাদি কৰাৰ পিছত তেওঁলোকে ফী (দেৱতা)হৈ স্বৰ্গত বাস কৰে৷ স্বৰ্গত তেওঁলোকে আগতে ফী হোৱা সকলক লগ পায়গৈ আৰু পৃথিৱীত মানুহৰূপে থাকোঁতে যেনেদৰে বংশ পৰিয়ালৰ স্থান তেনে স্থান প্ৰাপ্ত হয়৷ তাইআহোম সকলৰ মতে তেওঁলোকে স্বৰ্গতো নীতিনিয়মৰ মাজেদি সমাজ পাতি বসবাস কৰে৷ বংশপৰিয়ালৰ মৰ্যাদা অনুসৰি তেওঁলোকৰ মৈদামবোৰো সৰুডাঙৰ কৰি তৈয়াৰ কৰা হয়৷ সেয়েহে, চৰাইদেউত থকা আহোম স্বৰ্গদেউ সকলৰ মৈদামবোৰো একাদিক্ৰমে সজোৱা হৈছিল৷ ফুলেশ্বৰী কুঁৱৰীৰ দিনৰে পৰা কেইবাজনো স্বৰ্গদেউক দাহ কৰাৰ ব্যৱস্থা হৈছিল যদিও স্মৃতি ৰক্ষা কৰি মৈদাম বন্ধোৱা হৈছিল৷ আনকি ফুলেশ্বৰী কুঁৱৰীৰো মৈদাম বন্ধোৱা হৈছিল৷ সম্প্ৰতি চৰাইদেউ বাগানৰ পৰিচালকৰ বঙলাও ফুলেশ্বৰী কুঁৱৰীৰো মৈদামৰ কাষতে আছে৷

দক্ষিণ পূৱ এছিয়াত বসবাস কৰি থকা অন্যান্য তাই সকলৰ মাজতো অসমৰ তাই সকলৰ দৰে থকা বিশ্বাস প্ৰচলিত হৈ আছে৷ ভিয়েটনামৰ উত্তৰ দিশত বসবাস কৰা (Red River) পাৰৰ তাই থাও (White Tai, ফৰাচী ভাষাত Blanc) সযতনে ৰক্ষা কৰি আহিছে৷ তাই ডেঙ্ (Red Tai) সকলেও এনে নীতি ধৰি ৰাখিছে৷ ভিয়েতনামৰ তাই থো (Tho) সকলেও তেওঁলোকৰ পূৰ্বপুৰুষৰ মৈদামবোৰ অতি সযতনে ৰক্ষা কৰিছে আৰু মৈদাম দিয়াৰ তৃতীয় দিনাই সকাম (তিলানী) পাতি মৃতক সকলক বিদায় দিয়ে৷ অসমৰ তাইআহোমসকলেও (যি সকলে এতিয়াও মৈদাম দিয়ে) তৃতীয় দিনাই তেলপানী চুই অশুচি গুচায়৷

দক্ষিণ চীনৰ কোৱাংচিং প্ৰদেশত বাস কৰা তাইসকলৰ মাজতো এনে প্ৰথা প্ৰচলিত আৰু মৈদামত পূৰ্বপুৰুষসকলৰ বাবে পূজাসেৱা আগবঢ়ায়৷ ভিয়েটনামৰ তাই দাম (Red Tai) সকলৰ পূজাৰী সকলক দৰে ’ (MAW) বুলি সম্বোধন কৰে৷ এনেদৰে আলোচনা কৰিলে দেখা যায় যে নিৰ্দিষ্ট সময়ত পুলিত পুথাও সকলৰ উদ্দেশ্যে পূজাপাতল আগবঢ়াই স্মৰণ কৰি আশীৰ্বাদ লোৱাটো কেৱল আহোম সকলৰেই নহয় সমগ্ৰ তাই জাতিৰ লোকৰেই প্ৰাচীনপ্ৰচলিত প্ৰথা৷ সেয়েহে, জাতিৰ পূৰ্বপুৰুষসকলক নিৰ্দিষ্ট সময়ত সামূহিকভাৱে স্মৰণ কৰাটো এক পবিত্ৰ ধৰ্মীয় পৰম্পৰা যাৰ যোগেদি অতীতক স্মৰণ কৰাই নহয় তাৰ যোগেদি মানসিক শক্তি আহৰণ কৰি জীৱন সংগ্ৰামৰ যুদ্ধত অনুপ্ৰেৰণা লাভ কৰে৷ উল্লেখযোগ্য যে মেডামমেফী তাইআহোমসকলৰ দ্বাৰা আয়োজন কৰা ধৰ্মীয় পৰম্পৰা লেও পণ্ডিতৰ আহ্বানত সমগ্ৰ ৰাজ্যখনৰ বাসিন্দাসকলক আশীৰ্বাদ দি শান্তি বিৰাজ কৰিবলৈ প্ৰাৰ্থনা কৰা হয়৷

তাইআহোমসকলৰ ধৰ্মীয় বিশ্বাসত পুনৰ জন্ম বা কৰ্মফলৰ কোনো উল্লেখ নাই৷ মৃতকৰ আত্মাই পৃথিৱীত পুনৰ জন্ম লয় এইটো হিন্দুধৰ্মৰ হে বিশ্বাস৷ তাইআহোমসকলৰ মতে মৃতকসকল দেৱতা হৈ অন্য লোকত বসবাস কৰে৷ মেডামমেফীত আগবঢ়োৱাসেৱা পূজা তেওঁলোকে গ্ৰহণ কৰি আশীৰ্বাদ দিয়েহি৷

চাওলুং চ্যুকাফাই ১২২৮ খৃঃৰ ১৬ আঘোণৰ দিনা অসমৰ (তেতিয়াৰ সৌমাৰ পীঠ) মাটিত ভৰি দিয়াৰ দিন ধৰি টিপামত মেডামমেফী পতাৰ উল্লেখ আছে৷ পিছৰ স্বৰ্গদেউসকলৰ দিনত এই পৰম্পৰা ৰক্ষা কৰা হৈছিল৷ স্বৰ্গদেউ জয়ধবজসিংহ (ছুতামলা) হিন্দু ধৰ্ম গ্ৰহণ কৰি মেডামমেফী নপতাৰ বাবে মিৰজুমলাই গড়গাওঁ পৰ্যন্ত আহিব পাৰিছিল বুলি ভবা হয়৷ পিছৰ স্বৰ্গদেউৰ দিনৰ পৰা পুনৰ মেডামমেফী পতাৰ বাবেহে মোগলক পুনৰ খেদিব পৰা গৈছিল বুলি আহোমসকলে ভাবে আৰু ছু পুংমুঙ (চক্ৰধৰসিংহ) স্বৰ্গদেৱে নিজে এই কথা স্বীকাৰ কৰি গৈছে৷

চক্ৰধবজ সিংহৰ পিছৰ পৰা স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ ৰাজত্বলৈকে (১৮১০১৮ চনলৈকে) উপৰি পুৰুষৰ পূজা চলি থকাৰ কথা বুৰঞ্জীত আছে৷ সেই সময়ত প্ৰজাই নহয় ৰজাই নিজেও ৰাজ্যৰ সকলোৰে মংগলৰ বাবে এই পূজা পাতিছিল৷

ধৰ্মীয় মতানৈক্য আৰু নিজৰ মাজত হোৱা কাজিয়াৰ (মোৱামৰীয়া বিদ্ৰোহ, কালসংহতিৰ লগত মতানৈক্যৰ বাবে বদন বৰফুকন আৰু পূৰ্ণানন্দং বুঢ়াগোঁহাইৰ মতানৈক্যৰ বাবে মানৰ আক্ৰমণ) বাবে আহোম ৰাজ্য ধবংস ল৷ ইংৰাজ আহিল৷ প্ৰায় ১২১ বছৰ ৰাজ্যখন ইংৰাজৰ তলত থাকিল৷ মেডামমেফী, মোহন, দেওধাই বাইলুঙ সকলৰ মাজত ছেগা ছোৰোকাকৈ চলি থাকিল৷ যোৱাটো শতিকাৰ ৬০ দশকৰ আগভাগৰ পৰা পুনৰ প্ৰচলিত বলৈ আৰম্ভ কৰে৷ এইবাৰ ৰজাঘৰ নহয় প্ৰজাঘৰৰ পৰাহে আৰম্ভ ল৷ পিছে, ১৯৮৩ চনত প্ৰথমবাৰ ৰাজকীয়ভাৱে তলাতল ঘৰৰ প্ৰাঙ্গণত মেডামমেফী পতা ল৷

স্বৰ্গদেউ চাউলুং ছ্যুকাফাৰ আদৰ্শৰে আগবাঢ়িবলৈ যত্ন কৰিলে৷ আমি ভাবোঁ এই প্ৰচেষ্টাৰে অসমীয়া জাতিটোক এক কৰি ৰখাব পৰা যায়৷

এইবাৰ ঐতিহাসিক শদিয়াত ৰাজকীয়ভাৱে এই পূজা কৰা হৈছে৷ শদিয়াত অসমৰ শাসন প্ৰতিষ্ঠা হৈছিল ১৫১৩ খ্ৰীষ্টাব্দত ফ্ৰাচেঙমুঙ বৰগোঁহাইয়ে চুতীয়া ৰজাৰ পৰা এই ঠাইখন অসমৰ তললৈ আনিছিল৷ চুতীয়া আৰু আহোমসকল শদিয়াৰ আদি বাসিন্দা৷ দুৰ্ভাগ্যৰ বিষয় আধুনিক অসমত এওঁলোকে শদিয়াত ভূমিৰ অধিকাৰ নাপায়৷ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই দিশত উচিত সিদ্ধান্ত বুলি আমাৰ বিশ্বাস আৰু আজিৰ মেডামমেফীৰ দিনাই পূৰ্বপুৰুষে আদি বাসিন্দাসকলক আশীৰ্বাদ যাতে দিয়ায়তাৰেই কামনা কৰিলোঁ৷

ৰংবয়বয়