Current Topic

শ্বাস্বতীৰ কথাৰে (জয়শ্ৰী বুঢ়াগোহাঁহ)

সময়ে গৰকি যোৱা সম্বন্ধটোকআকৌ এবাৰ ভালকৈজোকাৰি সামৰি লৈছিল,প্ৰেম নাছিল, নহৈছিল..না সেই প্ৰেমৰ বোজা সহিব বিচাৰিছিল৷জেঁতুকাৰ ৰঙৰ দৰেই ৰংবোৰধীৰে ধীৰে, লাহে লাহেপাতলীয়া হৈ পৰিছিল৷জীৱনৰ ৰংবোৰ ধূসৰিত হৈ পৰিছিল,বিছনাখনৰ দুটা মূৰে দুটি আত্মাঅচিনাকি বহু যুগৰজৰ্জৰিত জীৱনৰ হেেন্দালনিতশুকান পাতৰ দৰেপ্ৰেমহীন ভাবনাত জহি-খহি গৈছিল৷সমাজে আবুৰাই দিয়া,পিতৃয়ে গতাই দিয়া,সন্তানৰ দায়িত্বৰে হেচুকি ধৰাদুডলীয়া সূতাৰ সেই টানটোক৷

সময়ে গৰকি যোৱা সম্বন্ধটোক
আকৌ এবাৰ ভালকৈ
জোকাৰি সামৰি লৈছিল,
প্ৰেম নাছিল, নহৈছিল..
না সেই প্ৰেমৰ বোজা সহিব বিচাৰিছিল৷
জেঁতুকাৰ ৰঙৰ দৰেই ৰংবোৰ
ধীৰে ধীৰে, লাহে লাহে
পাতলীয়া হৈ পৰিছিল৷
জীৱনৰ ৰংবোৰ ধূসৰিত হৈ পৰিছিল,
বিছনাখনৰ দুটা মূৰে দুটি আত্মা
অচিনাকি বহু যুগৰ
জৰ্জৰিত জীৱনৰ হেেন্দালনিত
শুকান পাতৰ দৰে
প্ৰেমহীন ভাবনাত জহি-খহি গৈছিল৷
সমাজে আবুৰাই দিয়া,
পিতৃয়ে গতাই দিয়া,
সন্তানৰ দায়িত্বৰে হেচুকি ধৰা
দুডলীয়া সূতাৰ সেই টানটোক৷