

ঋতু ৰাণী শৰত আৰু শৰতৰ নৈসৰ্গিক শোভাত পৃথিৱীৰ ৰূপ শান্ত-স্নিগ্ধ৷ শেৱালিৰ গোন্ধই আগলি বতৰা দি যোৱা সময়ত বালীমহী চৰাইজনীয়ে চোতালে চোতালে নাচি নাচি চিঠি বিলায় শৰতৰ৷ সেই চিঠিত আঁকি দিয়া শৰতৰ সৌন্দৰ্যই আমাৰ হিয়া নচুৱায়৷ আমাৰ ব্যস্ততাপূৰ্ণ জীৱনত লগ সমনীয়া, পৰিয়াল পৰিজনক সময় দিব নোৱাৰা হৈ পৰো৷ বনভোজ, এনে এক সুযোগ য’ত আমি সকলো প্ৰিয়জনৰ […]

