ঊ পপী চহৰীয়া

বৰ্তমান যুগটোৱেই হৈছে ডিজিটেল মাধ্যমৰ যুগ৷ এই যুগৰ এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে মোবাইল ফোনে৷ মোবাইল ফোন সমাজৰ এক অপৰিহাৰৰ্য অংগ হলেও ই ক্ষতিকাৰকো হয়৷ কিয়নো মোবাইল ফোন প্ৰয়োজনতকৈ যদি অধিক সময় চোৱা হয়, তাৰ ফলত শৰীৰত নানা ধৰণৰ সমস্যাই দেখা দিব পাৰে৷ যেনেঃ চকুৰ দৃষ্টিশক্তি আৰু শ্ৰৱণ শক্তি হ্ৰাস পাব পাৰে৷ ল’ৰা–ছোৱালীবোৰে অনবৰতে মোবাইলত ভিডিঅ’ গেম আদি খেলাৰ পৰিণতিত সিহঁতৰ পঢ়া–শুনাৰ প্ৰতি আগ্ৰহ কমি গৈ মোবাইল আসক্তি বৃদ্ধি হয়৷
বৰ্তমান যুগত মোবাইল আসক্তি এক ভয়াবহ ব্যাধি ৰূপে পৰিগণিত হৈ পৰিছে৷ সৰু সৰু ল’ৰা–ছোৱালীকে ধৰি উঠি অহা যুৱক–যুৱতীলৈ সকলোৰে মোবাইল ফোনৰ আসক্তি ক্ৰমাৎ বৃদ্ধি পাইছে৷ তাৰ ফলত পঢ়া–শুনা অথবা অন্যান্য কামসমূহত অমনোযোগিতা বাঢ়ি গৈছে৷ এই মোবাইল আসক্তিৰ ফলত সমাজৰ যুৱপ্ৰজন্ম বিপথগামী হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷
সামাজিক যোগাযোগ মাধ্যমৰ ব্যৱহাৰে সন্তানৰ মাজত বিৰূপ প্ৰভাৱ পেলাইছে৷ দিনক দিনে সন্তান মোবাইল ফোন চোৱাৰ প্ৰতি ধাউতি বাঢ়ি গৈছে৷ সন্তানৰ মোবাইল আসক্তি এৰুৱাবলৈ আমি অভিভাৱকসকলে বিভিন্ন পদ্ধতি অৱলম্বন কৰিব পাৰোঁ৷ তাৰ ভিতৰৰ কেইটামান পদ্ধতি হৈছে – সন্তানক ছবি অঁকা, গীত, নৃত্য আৰু খেলা–ধূলাৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব৷ এইবোৰৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰিলেহে সন্তানটিক মোবাইল আসক্তিৰ পৰা মুক্ত কৰিব পৰা যাব৷
তাৰ উপৰিও আন এটি অতি শক্তিশালী গুৰুত্বপূৰ্ণ উপায় হৈছে – গ্ৰন্থ অধ্যয়ন৷ গ্ৰন্থ হৈছে মানৱ জীৱনৰ অমূল্য সম্পদ৷ বিজ্ঞজনে কৈছে যে, “এখন ভাল গ্ৰন্থ এশজন বন্ধুৰ সমান৷’’ সভ্যতাৰ বিকাশত যুগে যুগে গ্ৰন্থই অবৰ্ণনীয় ভূমিকা পালন কৰি আহিছে৷ মানৱ জীৱনত গ্ৰন্থৰ প্ৰভাৱ অপৰিসীম৷ গ্ৰন্থ বা কিতাপ নথকা ঘৰ এখনক খিৰিকী বিহীন কোঠাৰ লগত তুলনা কৰা হয়৷ সেয়ে আমি অভিভাৱকসকলে সৰুৰেপৰাই ল’ৰা –ছোৱালীক গ্ৰন্থৰ প্ৰতি উৎসাহিত কৰিব লাগে৷ সিহঁতৰ উপযোগী গ্ৰন্থসমূহ পঢ়িবলৈ
আনি দিব লাগে আৰু সিহঁতৰ লগতে আমি অভিভাৱকসকলেও ল’ৰা–ছোৱালীয়ে আকৰ্ষিত হ’ব পৰা ৰসাল সাধু কথা আদি কৈ উৎসাহিত কৰিব লাগে৷ তেতিয়া সিহঁত মোবাইল আসক্তি ব্যাধিৰ পৰা আঁতৰি আহিব৷

দেখা যায় যে, বহু অভিভাৱকে নিজৰ ব্যস্ততাৰ বাবে তেওঁলোকৰ সৰু ল’ৰা–ছোৱালীৰ হাতত মোবাইল ফোনটো গুজি দি নিচিন্তমনে নিজৰ কাম কৰাত ব্যস্ত হৈ থাকে, ফলত ল’ৰা – ছোৱালী মোবাইল ফোনৰ প্ৰতি বেছিকৈ আসক্তি বাঢ়ি যায়৷ এইবোৰেই হৈছে ল’ৰা –ছোৱালীৰ মোবাইল আসক্ত হোৱাৰ প্ৰধান কাৰণ৷ যোৱা তিনি বছৰ ক’ভিড পৰিস্থিতিৰ বাবে বিদ্যালয় সমূহ বন্ধ থকাৰ বাবে চৰকাৰে অনলাইন শিক্ষা ব্যৱস্থা হাতত লৈছিল, তাৰ পৰিণতিতো ল’ৰা–ছোৱালী মোবাইলৰ প্ৰতি আকৃষ্ট হৈছিল৷
ল’ৰা –ছোৱালীৰ এই আসক্তিসমূহ কমাবলৈ আমি অভিভাবক হিচাপে সিহঁতক বিভিন্ন ধৰণৰ শিশু উপযোগী গ্ৰন্থ আনি নিজে (অভিভাবকে) পঢ়ি বা সন্তানকো পঢ়াই গ্ৰন্থৰ প্ৰতি মনোনিবেশ বঢ়াব লাগিব৷ ল’ৰা–ছোৱালীক গ্ৰন্থমেলালৈ লৈ গৈ গ্ৰন্থসমূহ পঢুৱাই চুই চাবলৈ দিব লাগে৷ আৰু সিহঁতৰ মন পছন্দৰ গ্ৰন্থ ক্ৰয় কৰি আনি পঢ়িবলৈ উৎসাহ জন্মাব লাগে৷ সিহঁতৰ মগজুৱে ঢুকি পোৱা পাঠ্যক্ৰম বৰ্হিভূত জ্ঞান বৰ্ধক গ্ৰন্থ অধ্যয়ন কৰিবলৈ আগ্ৰহ জন্মাব লাগে৷ তাৰ ফলত ল’ৰা বা ছোৱালীজনীয়ে মনৰ ভাব প্ৰকাশ কৰাৰ সুবিধা পায়, লগতে প্ৰকাশিকা শক্তিৰো বৃদ্ধি হয়৷
আজিকালি গ্ৰন্থ অধ্যয়নৰ বিমুখীতাৰ ঘাই কাৰণ হৈছে গাঁৱে–ভূঁঞে থকা মৃতপ্ৰায় পুথিভঁৰালসমূহ৷ আগৰ দিনত যেনেকৈ গাঁৱৰ পুথিভঁৰালসমূহত গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি তোলা হৈছিল, ঠিক তেনেকৈ নৱ–প্ৰজন্মৰ মাজতো পুথিভঁৰালসমূহ পুনৰুজ্জিৱিত কৰি গ্ৰন্থ অধ্যয়নৰ আন্দোলন গঢ়ি তুলিলেহে নৱ–প্ৰজন্ম মোবাইল আসক্তিৰ পৰা বঞ্চিত হ’ব৷
ইয়াৰ উপৰিও গাঁৱে–ভূঁঞে চহৰে– নগৰে গ্ৰন্থ মেলা পতা উচিত৷ গ্ৰন্থ মেলাই গ্ৰন্থ চেতনাৰ সৃষ্টি কৰে৷ গ্ৰন্থ মেলা হৈছে জ্ঞান বিস্তাৰৰ মেলা৷ লেখক, পাঠক, প্ৰকাশকৰ মিলনভূমি৷ আমি অভিভাৱকসকলে ল’ৰা –ছোৱালীক লগত লৈ সক্ৰিয় অংশগ্ৰহণ কৰাব লাগে৷ আৰু গ্ৰন্থমেলাত অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাসমূহত অংশ গ্ৰহণ কৰাব লাগে৷