Current Topic

ৰস ৰচনা

আড্ডাৰে ৰসাল কৰক জীৱন লখিমী কোঁৱৰ হাজৰিকা মই জানো কাম নাইকিয়া, সোৰোপা, এলেহুৱা, কেলেহুৱা মখাইহে বেছিকৈ গপ বা আড্ডা মাৰিবলৈ ভাল পায়৷ জ্ঞানী-গুণীজনে আড্ডা পিটি ফুৰা মানুহক অবজ্ঞাৰে চায়৷ বহুতে গপ মাৰি ফুৰা বা দুই-চাৰিজন গোট খাই সংসাৰৰ কথা পতাক সময়ৰ অপব্যৱহাৰ বুলিও ভাবে৷ কিন্তু সখীসকল, চাৰি-পাঁচগৰাকীমান যদি আপোনালোকে গোট খাই শাহু চৰ্চা, পতি চৰ্চা, […]

ৰস ৰচনা

আড্ডাৰে ৰসাল কৰক জীৱন

লখিমী কোঁৱৰ হাজৰিকা

মই জানো কাম নাইকিয়া, সোৰোপা, এলেহুৱা, কেলেহুৱা মখাইহে বেছিকৈ গপ বা আড্ডা মাৰিবলৈ ভাল পায়৷ জ্ঞানীগুণীজনে আড্ডা পিটি ফুৰা মানুহক অবজ্ঞাৰে চায়৷ বহুতে গপ মাৰি ফুৰা বা দুইচাৰিজন গোট খাই সংসাৰৰ কথা পতাক সময়ৰ অপব্যৱহাৰ বুলিও ভাবে৷ কিন্তু সখীসকল, চাৰিপাঁচগৰাকীমান যদি আপোনালোকে গোট খাই শাহু চৰ্চা, পতি চৰ্চা, চিনেমাছিৰিয়েলৰ চৰ্চা কৰে বা আপোনালোকৰ ওচৰচুবুৰীয়া আইদেউবাইদেউহঁতৰ চৰ্চা কৰে তেন্তে মই শপত খাই কৈছোঁ বিউটি পাৰ্লাৰত ল্ড ফেচিয়েল কৰাতকৈয়ো বেছি আপোনাৰ মুখখন উজ্জ্বল ব৷ ৰসে চৌ চৌ হৈ থকা আপোনাৰ মুখখন দেখিয়েই মানুহে বুজি পাব আপুনি এগৰাকী হেপ্পীলাইফ কটোৱা লেডী৷ টেনচন ফ্ৰি হৈ আপোনাৰ স্বাস্থ্যমুখ উজ্জ্বল হোৱাৰ লগতে আড্ডা পিটিলে সমাজৰো বহুত উপকাৰ হয়৷ যেনে, কাৰোবাৰ ৰালৈ ভাল ছোৱালী বিচৰা, কাৰোবাৰ ছোৱালীলৈ ৰা বিচৰা, ভাল ডাক্তৰ, ভাল চিনেমা, ভাল কিতাপ, ভাল দোকান আদিৰ সন্ধান পোৱা যায় এই আড্ডাৰ যোগেদি৷

এবাৰ আড্ডাতে এগৰাকী বান্ধৱীয়ে লে যে এজনী শাহুৱে ব্ৰহ্ম পুৱাৰে পৰা নিজৰ ফুলকুমলীয়া বোৱাৰীজনীক সাত গোষ্ঠী উদ্ধাৰি গালি পাৰি থাকে, আমি সকলোৱে এবাৰ যোৱা উচিত৷ কথা মতেই কাম, সকলোৱে বোৱাৰীজনীক সহায় কৰোঁ বুলি অৰ্থাৎ শাহুৰ ককৰ্থনাৰ পৰা ৰক্ষা কৰোঁ বুলি সকলো লো৷ ঘৰৰ বাহিৰৰ পৰাই শাহুৱেকৰ গালিগালাজ শুনিলোঁ৷ কুলক্ষিণী, জহনীত যাতি, নাও নুমাটি তই অহাৰে পৰা মোৰ ঘৰখন নৰক ল৷ মোৰ সুখ নাইকিয়া ল৷ আমি সকলোৱে বোৱাৰীগৰাকীক গালিৰ পৰা বচাবলৈ দুৱাৰ মেলি সোমাই লো ভিতৰলৈ৷ তেতিয়াহে আমি দেখি অবাক৷  বুঢ়ীৰ  সেই ফুলকুমলীয়া বোৱাৰীজনীয়ে বুঢ়ীক চুলিত ধৰি ঘটালি আছে আৰু বুঢ়ীয়ে টেঁটুফালি গালিগালাজ কৰিছে৷ বাহিৰৰ পৰা মানুহে বুঢ়ীৰ গালিগালাজহে শুনে, কিন্তু বন্ধ দুৱাৰৰ আঁৰত বোৱাৰীয়ে কৰা অত্যাচাৰ নেদেখে৷ সেইদিনা যেনিবা সকলোৱে মিলিজুলি বোৱাৰীয়েকক এপালি দিলোঁ৷ বোৱাৰীয়েকক শাহুৱেকৰ ভৰিত ধৰি সকলোৱে মাফ খোজালে আৰু আগলৈ যদি শাহুৱেকক বেয়া ব্যৱহাৰ কৰে তেন্তে তেওঁৰ ৰিপৰ্ট দিয়া পুলিচত, এইদৰে ভয় খুওৱাত তেওঁ সেমেনাসেমেনিকৈআগলৈ এনে নকৰোবুলি শপতো খালে৷ শাহুৱেকে সকলোলৈকে চাই হাতযোৰ কৰি কৃতজ্ঞতা জনালে৷ এইদৰে আনন্দৰ কাৰণে আড্ডা পিটোতেই ডাঙৰ বিপদৰ পৰা বুঢ়ী এগৰাকী উদ্ধাৰ পৰিল৷ তেনেকৈয়ে বহুত সমস্যাৰ কথা ইজনীয়েসিজনীক কওঁতে আলোচনা কৰোঁতে সমাধানো হোৱা দেখিছোঁ৷

 

এতিয়া কথা আড্ডা পিটিবলৈ ৰসাল কথা কোৱা, বেছিকৈ কথা কোৱা মানুহৰ বেছি প্ৰয়োজন৷ অতিডিচেণ্টমানুহৰ লগত কথা পাতি বা অতি কম কথা কোৱা মানুহৰ লগত কথা পাতি আপুনি আড্ডা জমাব নোৱাৰিব৷ অনবৰতে দুখৰ কথা পাতি থকা মানুহৰ লগতো আড্ডা নজমিব৷ কৰুণ ৰসৰ কবিতা গোৱা মানুহৰ লগতো আড্ডা নজমিব৷ সেয়ে আড্ডা পিটা মানুহকেইগৰাকীৰ স্বভাৱ চাই , তেহে আড্ডা জমিব৷ লেখিকা সখীসকলে পিছে সকলো ধৰণৰ সুখৰদুখৰ কথাৰ গপ মৰা উচিত৷ কাৰণ সৃষ্টি কৰিবলৈ আটাইকেইবিধ ৰসৰ আৱশ্যক৷ লেখিবলৈয়ো আড্ডাৰ পৰা বহুত প্লট পোৱা যায়৷ কিন্তু মনোৰঞ্জনৰ কাৰণে মুখেৰে আখৈ ফুটা, কথাই কথাই হাঁহি ধৰিত্ৰী কঁপোৱা মানুহ বেছি ভাল হয়৷

মোৰ পিছে গপমৰা অভ্যাস বহুত সৰুৰে পৰা আৰম্ভ ল৷ সৰুতে আইতাৰ জুহালত চাহ, মুৰি, আখৈ, বিবিধ জলপান খোৱাৰ সময়তে আমি মানে আমাৰ ভাইটিভণ্টী আৰু আমাৰ খুড়াৰ ভাইটিভণ্টীহঁতে মিলি আড্ডা আৰম্ভ হৈছিল৷ কাৰোৰে সেই সময়ত কথাৰ কোবত পঢ়াৰ টেবুললৈ যোৱাৰ কথা মনত নপৰিছিল৷ কোনোবাজনী হাঁহি হাঁহি চৰ্চৰনি খাই পাকঘৰতে লুটি খাই পৰি আইতাৰ বাঘঢকা খাইছিল৷ আমি এইদৰেই আইতাৰ জুহালৰ ওচৰত পাকঘৰত বহি বহি কথকী লো৷ আড্ডাৰ সোৱাদো পালো খুব৷ অনবৰতে দাঁত নিকটাই হাঁহি ফুৰাৰ কাৰণে ককাদেউতাই লাখুটি জোঁকাৰি ভয় খুৱাই আমাক পঢ়াৰ টেবুললৈ যাবলৈ বাধ্য কৰিছিল আড্ডা এৰি৷ আজিও মনত শৈশৱৰ স্মৃতিত আগগুৰি নোহোৱা কথা কোৱা তথা সেই আড্ডা আছে৷ যিসকলে এই আড্ডাৰ সোৱাদ পোৱা নাই তেওঁলোকে নি( বহুত কথাৰ পৰাই বঞ্চিত হৈ আছে৷ আড্ডা মাৰিলে খোলাখুলিকৈ কথা পাতিবলৈ শিকে, লগতে ক্ৰিয়েটিভিটি বাঢ়ে৷ মানুহৰ আগত নিঃসংকোচে কথা পাতিব পৰা হয়৷ আজিকালি বহুক্ষেত্ৰত বেছিকৈ কথা পতা মানুহে চাকৰিও পায়৷ যেনে, মাৰ্কেটিং বিভাগ, কাউন্সেলিঙ, ৰেডিঅজকী আদিত৷

দেখা গৈছে আজিকালি মানুহ ভিতৰত সোমাই থাকি টিভি, কম্পিউটাৰ, বাইল আদিক লগৰী কৰি লৈছে, পিছে বন্ধ ৰুমৰ মনোৰঞ্জনে আমাক দিনে দিনে বেমাৰী আৰু হতাশগ্ৰস্ত মানুহ এজনত পৰিণত কৰিছে৷ যদি আপুনি এইবোৰ নথকা দিনলৈ মনত পেলায় তেন্তে দেখিব আমাৰ আইতামাহঁতে দিনৰ দিনটো কাম কৰি আজৰি সময়ত তামোলৰ বটাটো লৈ দুইতিনিজনীয়ে গপ মাৰি ভাগৰ পলুৱাইছিল, লগতে মনোৰঞ্জনো কৰিছিল৷ আৰু আজিৰ মহিলাসকলৰ তুলনাত তেওঁলোক সুস্থসবল আছিল৷ হতাশাত নুভুগিছিল৷

এজন মনোচিকিৎসক ডাঃ বিকাশ মোহনে এখন কিতাপত লিখিছিল যে আড্ডা মাৰিলে মনৰ চিন্তা, দুখভাগৰ আঁতৰে৷ যদিও আড্ডা মাৰি ফুৰা ভাল স্বভাৱ নহয়, তথাপিতো আড্ডা মাৰিলে মন সতেজ হয়৷ ব্লাডপ্ৰেছাৰ, ছুগাৰ, ডিপ্ৰেছন আদি বেমাৰৰ পৰা সকাহ পায়৷ মই নিজেও এগৰাকী বান্ধৱীক দেখো চাদৰৰ আগত প্ৰেছাৰৰ ঔষধ বান্ধি ঘৰে ঘৰে হাঁহিধেমালি কৰি ঘূৰি ফুৰে৷ সুধিলে কয় প্ৰেছাৰ উঠা যেন পালে খাম৷

বহু কথাতে দেখো পত্নী সকলতকৈ স্বামীসকল বহুত সুস্থ আৰু ডেকা হৈ থাকে৷ সৰু যদিও বয়সত ঘৰতে সোমাই অনবৰতে কাম কৰি থকা পত্নীসকল সোনকালে অসুস্থ আৰু বৃদ্ধ হৈ পৰে৷ পুৰুষে কামলৈ যাওঁতে ৰাস্তা, অফিচত বা অফিচৰ পৰা আহি বহুতে বন্ধুমহলৰ লগত হাঁহিধেমালি কৰে, গপ মাৰে; কিন্তু গৃহিণীসকলে ৰাছোৱালী, শাহুশহুৰস্বামীসকলৰ খোৱাবোৱা, পিন্ধাউৰাৰ ধ্যান ৰাখোঁতেই বা ঘৰুৱা আন কামতে আজৰি নাপায়৷ অনবৰতে কাম কৰি কৰি নিজৰ মনোৰঞ্জনৰ সময় নোপোৱা কাৰণে বোধহয় বৰ সোনকালে স্বাস্থ্য বেয়া হয়৷ এইটো অপ্ৰিয় সত্য কথা যে যেনেকৈ পেটৰ ভোক মাৰিবলৈ আমি ভাত খাওঁ তেনেকৈ আমি মনৰ ভাগৰ মাৰিবলৈকো বান্ধৱীসকলৰ মাজলৈ ওলাই যোৱাৰ বৰ প্ৰয়োজন৷ মন ভালেই স্বাস্থ্য ভাল৷

FacebookFacebookfb-share-iconYouTubeInstagram