Current Topic

ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন..

ৰঞ্জন শৰ্মা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শৰৎ কাল সম্পৰ্কে কীৰ্তনত কৈছে…….  “শৰত কালৰ ৰাত্ৰি অতি বিতোপন…  ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন….. ৷৷’’   এই শৰত কাল হৈছে সুখ আৰু আনন্দৰ ঋতু৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই শৰতৰ পূৰ্ণিমা ৰাতি যমুনাৰ বালিত গোপীসকলৰ সৈতে শ্ৰীকৃষ্ণই ৰাসক্ৰীড়া কৰিছিল৷ শ্ৰীকৃষ্ণৰ বিভিন্ন লীলাসমূহৰ ভিতৰত ভগৱন্তৰ ৰাসলীলাই হৈছে উত্তম লীলা৷ ৰাস […]

ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন..

ৰঞ্জন শৰ্মা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শৰৎ কাল সম্পৰ্কে কীৰ্তনত কৈছে…….

 শৰত কালৰ ৰাত্ৰি অতি বিতোপন

 ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন….. ৷৷’’

  এই শৰত কাল হৈছে সুখ আৰু আনন্দৰ ঋতু৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই শৰতৰ পূৰ্ণিমা ৰাতি যমুনাৰ বালিত গোপীসকলৰ সৈতে শ্ৰীকৃষ্ণই ৰাসক্ৰীড়া কৰিছিল৷ শ্ৰীকৃষ্ণৰ বিভিন্ন লীলাসমূহৰ ভিতৰত ভগৱন্তৰ ৰাসলীলাই হৈছে উত্তম লীলা৷ ৰাস লীলাত গোপীসকলে কৃষ্ণৰ চৰণত প্ৰেম ভাবত নিজকে যি আত্মসমৰ্পণ কৰিছিল, সি সঁচাকৈয়ে অতি দুৰ্লভ আৰু দৃষ্টিনন্দন প্ৰকৃতাৰ্থত ৰাস লীলা মানে জীৱাত্মা আৰু পৰমাত্মাৰ অপূৰ্ব মিলন৷ কৃষ্ণপ্ৰেমত মতলীয়া হৈ গোপীসকলে কৃষ্ণৰ চৰণত নিজকে সঁপি দি লীন যোৱা ঘটনাটো স্বৰূপাৰ্থত এইয়া জীৱ আৰু ঈশ্বৰৰ এক মধুৰ মিলন গোপী আৰু কৃষ্ণৰ মাজৰ এই পবিত্ৰ প্ৰেম, ভক্তিপ্ৰেমলৈ ৰূপান্তৰিত হোৱা কাৰ্যক নিৰ্মল প্ৰেমৰে এক চিৰসুন্দৰ, চিৰ শ্বাশ্বত ফলশ্ৰুতি বুলি পাৰি৷ ভাৰতীয় সভ্যতাসংস্কৃতিত ভগৱানশ্ৰীকৃষ্ণপ্ৰকৃতাৰ্থে বিশ্বৰ সৰ্বৰূপৰ আলয়, ভক্ত বৎসল্য, কৰুণাৰ সাগৰ, সৰ্বকালৰ শ্ৰেষ্ঠ কাণ্ডাৰী…. তেওঁৱেই পৰম ব্ৰহ্ম৷ৰসআৰুআনন্দ পৰম সাগৰ স্বৰূপ কৃষ্ণই গোপী সকলে কৰা প্ৰেম ভক্তিত সুখী হৈ তেওঁলোকক মনোমত বৰেই প্ৰদান কৰিলে৷ আচল কথাটো ৰাস বিহাৰীকৃষ্ণইৰাসক্ৰীড়াকৰিছিল পৃথিৱীত প্ৰেমভালপোৱাৰ বিস্তাৰ ঘটোৱাৰ বাবে তথা প্ৰেমভালপোৱাৰ জৰিয়তে শান্তিৰ বাৰ্তাক সৰ্বজনৰ অন্তৰত বিৰজিত কৰাৰ বাবে৷ যিহেতু প্ৰেমেই হৈছে জীৱনৰ মূল সৌধ,  এই লীলাৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণই সেয়াই শিকাইছে জগতবাসীক৷ টকা, পইচা, যশ, মানসন্মান কোনোৱে মানৱ জীৱনত স্থায়ী সুখ দিব নোৱাৰে, কিন্তু প্ৰেমভালপোৱাই সকলো দিব পাৰে প্ৰেমৰ জৰিয়তেহে এখন সুন্দৰ সমাজ নিৰ্মাণ কৰিব পাৰি৷ এই কথা ভগৱান শ্ৰীকৃষ্ণই ৰাসলীলাৰ যোগেদি তেতিয়াই মানৱ সমাজক দেখুৱাই থৈ গৈছে

কিন্তু, অতি পৰিতাপৰ কথা, অত্যন্ত দুখৰ বিষয় যে বিশ্বায়নৰ যুগৰ আজিৰ আধুনিক বিশ্বত কেৱল অৰ্থৰ পাছত দৌৰা বৰ্তমান সমাজত যেন মানবীয় সম্পৰ্কবোৰ, হৃদয়ৰ অনুভৱঅনুভূতিবোৰ ৰবাত যেন হেৰাই যাব ধৰিছে৷ মানুহে মানুহক চিনি নোপোৱা হৈছেমানবীয় প্ৰমূল্যবোধ নোহোৱা হৈ পৰিছে যাৰ বাবে হয়তো আজিৰ সমাজত ইমান ভ্ৰষ্টাচাৰ, হত্যাহিংসা, অসহিষ্ণুতা, ধৰ্ষণ, অপহৰণৰ দৰে আন বহু অমানবীয় ঘটনাই গা কৰি উঠিছে

  সেয়েহে এই ৰাস পূৰ্ণিমাৰ পবিত্ৰ দিনটোতেই আমি সংকল্প লওঁ আহক, ‘ৰসআৰুআনন্দ পৰম সাগৰ ভগৱান সচিদানন্দ শ্ৰীকৃষ্ণই দেখুৱাই যোৱা এই ৰাসলীলাৰ যোগেদিয়েই মানুহৰ মাজত প্ৰেম আৰু আনন্দৰৰসবিতৰণ কৰি জাতিধৰ্মবৰ্ণ নিৰ্বিশেষে সমাজখনত এক সুন্দৰ আৰু সুস্থ বাতাবৰণ সৃষ্টি কৰি প্ৰেমশান্তি আৰু মৈত্ৰীৰ দোলেৰে সমাজখনক বান্ধি ৰখাৰ প্ৰয়াস কৰোঁ আহক সত্ৰ নগৰী মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত লগা ৰাসলীলাৰ যোগেদিয়েই সমাজখনক পুনৰ সাংস্কৃতিক এনাজৰীৰে বান্ধি ৰখাৰ প্ৰয়াস কৰোঁ৷ ৰাসলীলা আৰু বিহু সংস্কৃতিয়েই হওক জাতিধৰ্মবৰ্ণ নিৰ্বিশেষে সকলোকে একতাৰ দোলেৰে বান্ধি ৰখাৰ একমাত্ৰ যোগসূS…

  তেন্তে আহক, ৰাধাকৃষ্ণৰ ৰাতুল চৰণত জীৱন সমৰ্পণ কৰি আমাৰ জীৱন সুখময়, মধুময় কৰি তোলাৰ লগতে আমাৰ মন বিলাকতো শৰতৰ জোনাকৰ দৰে সপোনৰ বৃন্দাবন উজ্জ্বলি উঠক পবিত্ৰ অসম ভূমিত ঐক্য, শান্তি আৰু প্ৰেমৰ পৰিৱেশ গঢ়ি উঠকআৰু এইয়ে হওক ৰাস উৎসৱৰ আমাৰ আহ৩ান আৰু মুলমন্S….. পুনৰ ৰাধাকৃষ্ণৰ চৰণ কমলত শতকোটি প্ৰণাম জনাই কওঁ….

 ওম তপ্ত কাঞ্চন গৌৰাংগ  দেৱী বৃন্দাবন সুৰেশ্বৰী

 বিষভানু সুতং দেৱী  হৰিপ্ৰিয়ে প্ৰণমামী

  হা কৃষ্ণ কৰুণা সিন্ধু দীনবন্ধু জগৎপতে