Editorial

সম্পাদকীয়

অসমীয়া কাব্য সাহিত্য জগতৰ পুৰধা ঋষিতুল্য শ্ৰদ্ধাৰ নীলমণি ফুকন দেৱৰ মৃত্যু অসমীয়া বৌদ্ধিক জগতৰ বাবেই এক অপুৰণীয় ক্ষতি৷ তেখেতৰ আত্মাৰ সদ্‌গতিৰ অৰ্থে আমি পূৰ্বদিশ আলোচনীৰ সমূহ কৰ্মকৰ্তাই গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলোঁ৷ মানব ইতিহাসৰ পাট লুটিয়ালে দেখা যায় যে প্ৰতিভাবান প্ৰায় সকলো ব্যক্তি জীৱনৰ কোনো নহয় কোনো গুণৰ সমাজ বা ব্যক্তিৰ দ্বাৰা অপদস্ত বা মানসিক বা […]

অসমীয়া কাব্য সাহিত্য জগতৰ পুৰধা ঋষিতুল্য শ্ৰদ্ধাৰ নীলমণি ফুকন দেৱৰ মৃত্যু অসমীয়া বৌদ্ধিক জগতৰ বাবেই এক অপুৰণীয় ক্ষতি৷ তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি পূৰ্বদিশ আলোচনীৰ সমূহ কৰ্মকৰ্তাই গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলোঁ৷

মানব ইতিহাসৰ পাট লুটিয়ালে দেখা যায় যে প্ৰতিভাবান প্ৰায় সকলো ব্যক্তি জীৱনৰ কোনো নহয় কোনো গুণৰ সমাজ বা ব্যক্তিৰ দ্বাৰা অপদস্ত বা মানসিক বা যিকোনো প্ৰকাৰৰ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে৷ যেতিয়াই কোনো এজন চূড়ান্ত প্ৰতিভাধৰ ব্যক্তিয়ে সমাজত নিজৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰে, নিজৰ আৱিস্কাৰ নিজৰ মতবাদ প্ৰকাশ কৰে তেতিয়াই এচাম এনে মানুহৰ আবিৰ্ভাব হয় যি চাম মানুহে কেতিয়াও সেই প্ৰতিভাক স্বীকৃতি দিব নোখোজে৷ এনে মানুহচাম অতীততো আছিল বৰ্তমানতো আছে আৰু ভৱিষ্যতলৈও থাকিব৷ প্ৰসিদ্ধ দাৰ্শনিক চক্ৰেটিছৰ পৰা আমাৰ তেনেই আপোন মহাপুৰুষ শংকৰদেৱেও এনে এচাম মানুহৰ শত্ৰুতাৰ পৰা হাত সাৰি যাব পৰা নাছিল৷ স্বনামধন্য ভূপেন হাজৰিকাৰ বিষয়েও এনে বহু কাহিনী আছে৷ তেওঁৰ জীবন কালত এনে কিছু ব্যক্তিৰ দ্বাৰা ব্যক্তিগত আৰু ৰাজহুৱা আক্ৰোশৰ বলি লগা হৈছিল৷ কিন্তু দেখা গৈছে যে এনে আক্ৰোশ বা হাৰাশাস্তিয়ে সকলো প্ৰতিভাধৰক আৰু বেছি জুয়ে পোৰা সোণৰ দৰে উজ্বল কৰিহে তোলে৷ যেন কিবা প্ৰকাৰে প্ৰতিভাধৰসকলৰ সৃষ্টিশীলতাক প্ৰেৰণাৰে উজ্জীৱিত কৰি তোলে৷

এই আটাইখিনি প্ৰসঙ্গ উল্লেখ কৰিলো শ্ৰদ্ধা কবিগৰাকীয়ে লিখি থৈ যোৱা নোখোলা এনভেলপটোৰ খুলিবনে নুখুলিব হৈ থকা বিতৰ্কটোৰ বাবেহে৷ মই ভাবো যিকোনো এজন প্ৰতিভাধৰ সৃষ্টিশীল ব্যক্তিৰ বিৰুদ্ধে যি চক্ৰান্ত চলে সি তেনেই সাময়িক যদিও সৃষ্টিশীলতাত আঘাত সানে৷ এনে বহু প্ৰতিবন্ধকতা, প্ৰত্যাহ্বান নেওচিও পৃথিৱীৰ প্ৰায় সকলো ব্যক্তিয়েই স্বপ্ৰতিভাৰে মহীয়ান হৈ পৰেযাৰ ব্যতিক্ৰম নহ নীলমণি ফুকন দেবো৷ তেওঁ জয় কৰি , তেওঁ বিজয়ৰ ধবজা উৰুৱাই থৈ ল৷ অসমীয়া সাহিত্যত জ্ঞানপীঠ বিজয়ীজন চিৰদিন অমৰ হৈ তেওঁৰ অপূৰ্ব সৃষ্টিশীলতাৰে৷ কোনোবাই কেতিয়াবা তেওঁৰ বিৰুদ্ধে কৰা এটা প্ৰতিবন্ধকতাৰ কথাই এতিয়া আৰু তেওঁৰ সূৰ্যসম প্ৰতিভাৰ জ্যোতিক অকণো ম্লান কৰিব নোৱাৰে৷ ইয়ে তেওঁৰ প্ৰতি থকা সন্মান আৰু অসমীয়া জাতিৰ হৃদয়ত তেওঁৰ প্ৰতি থকা আসনৰ কোনো ক্ষতি নকৰে৷

এনভেলাপ খোলানোখোলাই এতিয়া আৰু কোনো প্ৰভাব নেপেলায়৷