Health

ফলেৰে ছালৰ যতন (সুস্মৃতা অপৰূপা)

মানুহ সৌন্দৰ্য্যপ্ৰিয়৷ সুন্দৰকৈ থাকিবলৈ সকলোৰে মন যায়৷ নিজক সুন্দৰকৈ ৰাখিবলৈ বহুতে বহুতো ধৰণে যত্ন লোৱাও দেখা যায়৷ আজি আমি আলোচনা কৰিম ফলমূলেৰে কেনেকৈ নিজক সুন্দৰ কৰি ৰাখিব পাৰি৷ সৌন্দৰ্য্যৰ ক্ষেত্ৰত ফলমুলৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ এগিলাচ ফলৰ ৰসে শৰীৰলৈ কিমান যে সতেজতা আনে৷ প্ৰতিটো ফলত থকা প্ৰতিটো ভিটামিনেই ছালখনৰ বাবে প্ৰয়োজনীয়৷ সেয়ে আমি ফল খোৱাৰ লগতে ছালখনত […]

ফলেৰে ছালৰ যতন (সুস্মৃতা অপৰূপা)
Porishma KowarSumi Simran

আপেলৰ দ্বাৰা আমি আমাৰ ছালখন সুন্দৰকৈ ৰাখিব পাৰো৷ আপেলৰ ৰসৰ লগত নেমু মিলাই প্তয১০ মিনিত সানি অলপ পাছত ধুই দিলে ছাললৈ বহুতো উজ্বলতা আহে৷ দৈনিক আপেল খাবলৈও লওক বহুতো সমস্যাৰ পৰাই হাত সাৰিব পাৰি৷
এইখিনিতে এটা কথা কৈ থওঁ যে বহুতো লোকৰ গৰমৰ দিনত গাত দুৰ্গন্ধ উলোৱা দেখা যায়৷ তেখেতসকলে গা-ধোৱা পানীখিনিত নেমু চেপি লব’চোন দেখিব লাহে লাহে এই সমস্যা নাইকীয়া হৈ গৈছে৷
আম, তৰমুজো বহুত উপকাৰী৷ তৰমুজ তৈলাক্ত ছালৰ বাবেও উপকাৰী৷ তৰমুজৰ ৰস মুখত ১৫ মিনিত সানি ঠাণ্ডা পানীৰে ধুই দিব লাগে৷ শুকান ছালৰ বাবে বহুত ভাল৷ হিম’গ্লবিনৰ ক্ষেত্ৰতো তৰমুজৰ ভূমিকা আছে৷
বতৰৰ ফল বুলি আমতো খোৱাৰ লগতে তাৰ সাহখিনি মুখত লগালে মুখখন সুন্দৰ হৈ পৰে৷ কিছুলোকৰ হাতৰ ছাল ফঁটা দেখা যায়৷ তেখেতসকলে কেঁচা আমৰ ৰস চেপি হাতত লগালে বহুতো উপশম পোৱা দেখা যায়৷
সেইদৰে নাচপতি, আঙুৰ, ৰবাবটেঙা, ডাব নাৰিকল প্ৰতিটো ফলেই ছালৰ বাবে উপকাৰী৷ ৰবাব টেঙাৰ ৰসে মুখৰ দাগ নাইকীয়া কৰে৷ ডাবৰ পানীখিনি পেলাই নিদি মুখত সানি ৰাখিবচোন দাগবোৰ বহুত পাতল দেখিব তেনৈকে নাচপতিটোও লগাওক৷ ই শুকান ছাললৈ আদ্ৰৰ্তা আনি কোমল কৰি তুলিব ছালখন৷
মুঠতে ফলমুলৰ কথা কৈ শেষ কৰিব নোৱাৰি৷ এই ফলমূলবোৰ খোৱাৰ লগতে ছালতো লগাওঁক আৰু সুন্দৰ হৈ থাকক এনেদৰে৷ লগতে তিয়ঁহ কাটি চকুৰ পতাত লগাবলৈকো নাপাহৰিব ইয়ে চকুটোৰ উজ্জ্বল কৰি ৰখাৰ লগতে ক’লা দাগবোৰো আঁতৰ কৰিব৷ এনেকৈয়ে ছালখনৰ লগতে চকুযুৰিও উজ্বল কৰি ৰাখক আৰু সুন্দৰ হৈ থাকক আজীৱন৷
লগতে ছালখনৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পানী খাবলৈও নাপাহৰিব৷

FacebookFacebookfb-share-iconYouTubeInstagram