Poem
অব্যক্ত (ৰূপজ্যোতি হাজৰিকা দত্ত)
কাৰ বুকুত কোনে গুজি থৈ আহে ফুলিব বুলি ফুলপুলি এটা আঘোণৰ সোণফুলৰ সুখ এটাৰ দৰে আশা এটা আকাশত বনাই ফুৰে বেলি এটা উঠাৰ পৰা নমালৈকে ক’ত কিমান ফুল ফুলে, সৰে গুজি থৈ অহা ফুলজোপা বুকুৱে বুকুৱে শিপালে অথচঃ ফুলিবলৈ বুকুত নাথাকিল শূণ্যতাৰ বাগিচা এখন ফুলিব পৰাকৈ সকলোৰে বুকুত সিমানখিনি ঠাই […]
কাৰ বুকুত কোনে গুজি থৈ আহে
ফুলিব বুলি ফুলপুলি এটা
আঘোণৰ সোণফুলৰ সুখ এটাৰ দৰে
আশা এটা আকাশত বনাই ফুৰে
বেলি এটা উঠাৰ পৰা নমালৈকে
ক’ত কিমান ফুল ফুলে, সৰে
গুজি থৈ অহা ফুলজোপা বুকুৱে বুকুৱে শিপালে
অথচঃ ফুলিবলৈ
বুকুত নাথাকিল শূণ্যতাৰ বাগিচা এখন
ফুলিব পৰাকৈ সকলোৰে
বুকুত
সিমানখিনি ঠাই নাথাকে
যিমানখিনি ঠাইত দুখৰ আকাশখন ওন্দোলাই আহে৷