Poem

এদিন অঘৰীৰ ঘাটত (জোনালী মজুমদাৰ)

‘হে কানাই পাৰ কৰাহে বেলিৰ পৰিল চঁয়া   [এ] নষ্ট হৈ’ল দুধেৰ ভাণ্ডাৰ বাজাৰ গৈ’ল ব’য়া’             দূৰৈৰ পৰাই কাৰ কণ্ঠত ৰিণি–ৰিণিকৈ ভাহি আহিছিল ঘামে ধোৱা আবেলিৰ বিয়াকুল সুৰ কোলাহলৰ নীৰৱতাৰ মাজেৰে গৈ থাকিলোঁ পালোঁগৈ কোন এই নদীৰ তীৰ               কেনে মায়াৰে গঁথা? জীৱনৰ নিৰিবিলি নিবিড়ি ছায়া গোলাপ পাহিও লাহ লাগি জ্বলে গলে শোকৰ […]

এদিন অঘৰীৰ ঘাটত (জোনালী মজুমদাৰ)

হে কানাই পাৰ কৰাহে

বেলিৰ পৰিল চঁয়া

 

[] নষ্ট হৈ দুধেৰ ভাণ্ডাৰ

বাজাৰ গৈ য়া

           

দূৰৈৰ পৰাই কাৰ কণ্ঠত

ৰিণিৰিণিকৈ ভাহি আহিছিল

ঘামে ধোৱা আবেলিৰ বিয়াকুল সুৰ

কোলাহলৰ নীৰৱতাৰ মাজেৰে গৈ থাকিলোঁ

পালোঁগৈ কোন এই নদীৰ তীৰ

             

কেনে মায়াৰে গঁথা?

জীৱনৰ নিৰিবিলি নিবিড়ি ছায়া

গোলাপ পাহিও লাহ লাগি জ্বলে

গলে শোকৰ বাট

নে ভোকৰ ভাত

এইটিচোন অঘৰীৰ ঘাট

           

অঘৰী ককাই তই

কোন ঘাটে বাবি নাও

এফালে যায় বীণ বৰাগী

আনফালে বেহাবলেযায় বেপাৰীৰ ভাও

চোন কোন নদীৰ পাৰত আছিল

তোৰ ঘৰ ?

নদীৰ খহনীয়াই

বুকুৰ চপৰা খহাই

কোনটি বানে তোক কৰিলে উচন

 

শিলত খাজকাটি যাগৈ এবাৰ ভটিয়াই

চাগৈ আছেনে তোৰ গাঁওখনি জীয়াই

আছেনে জী তোৰ আইপিতাই ?

নে পথাৰত পোত গৈ আছে

তোৰ বুকুৰ হাড়

কি জানিবা হাড়ৰৰ বীণাটিয়ে

আছে তাতে বিনায়

তই যে নাই তই যে নাই৷

SunsetFacebookFacebookfb-share-iconYouTubeInstagram