Poem

কবিতা

আহিনৰ পৰশত চন্দ্ৰ দত্ত  আহিনৰ পৰশত গাখীৰতী ধানৰ থোকে থোকে লাগি থাকে কৃষকৰ ঘাম আৰু তেজৰ চেঁকুৰা, আশাৰ বৰ্ণিল স্বপ্ন ভাঁহি থাকে মেহনতী মানুহৰ চকুৱে চকুৱে৷   আহিনৰ পৰশত জুৰিটিৰ পাৰত ফুলে কোমল কহুঁৱা ফুল বিৰিণাই হালি-জালি নাচে, আকাশৰ বুকুৰে সৰে টোপ টোপ নিয়ৰৰ কণা, শৰতৰ প্ৰেম শেৱালিৰ স’তে গোপন অভিসাৰ/ নিয়ৰৰ আলিংগন/ পুৱাৰ সুৰুযৰ […]

আহিনৰ পৰশত

চন্দ্ৰ দত্ত

 আহিনৰ পৰশত গাখীৰতী ধানৰ

থোকে থোকে লাগি থাকে

কৃষকৰ ঘাম আৰু তেজৰ চেঁকুৰা,

আশাৰ বৰ্ণিল স্বপ্ন ভাঁহি থাকে

মেহনতী মানুহৰ চকুৱে চকুৱে৷

 

আহিনৰ পৰশত জুৰিটিৰ পাৰত ফুলে

কোমল কহুঁৱা ফুল

বিৰিণাই হালিজালি নাচে,

আকাশৰ বুকুৰে সৰে

টোপ টোপ নিয়ৰৰ কণা,

শৰতৰ প্ৰেম শেৱালিৰ তে

গোপন অভিসাৰ/

নিয়ৰৰ আলিংগন/

পুৱাৰ সুৰুযৰ সোণালী কিৰণত

মুকুতা মণি জ্বলে দুবৰিৰ শিৰত৷

 

আহিনৰ পৰশত

বিলৰ বুকুত ফুলে পদুমৰ পাহি,

কুঁৱলিৰ আৱৰণ ফালি

জিলিকি উঠে ৰক্তিম আভা,

তোমাৰ ওৰণি তলৰ সলাজ হাঁহিৰ দৰে/

 

আহিনৰ পৰশত

বিলৰ বুকুত ফুলে পদুমৰ পাহি,

কুঁৱলিৰ আবৰণ ফালি

জিলিকি উঠে ৰক্তিম আভা,

তোমাৰ ওৰণি তলৰ সলাজ হাঁহিৰ দৰে/

আহিনৰ পৰশত

আলসুৱা শৰতৰ

আকলুৱা মৰম

ফৰকাল আকাশত qw ডাৱৰ

দিগন্ত সীমনাৰে উৰি যায়

দিক্ভ্ৰান্ত শৰালিৰ জাক৷

 

শাৰদী জোনৰ স্নিগ্ধ জোনাকত

উৰি ফুৰে সুৰ এটি হৈ

আশাভৰা জীৱনৰ গান৷

 

দৰ চোতালত এতিয়া

জীৱন বোটলাৰ হাত বাউলি