Poem

চোৰ (জোনাক যুগান্তৰ বৰা)

ভাগৰুৱা ভৰিবোৰ আগলৈ নাযায়, কলাফুলত আৰু নোকোবাবি পিতাই৷ আইৰ শিতানৰ সিকিকেইটা মই অনা নাই তোৰ কপালৰ ঘামবোৰ আয়ে যে শিতানত থয় সেই কথা জানিছিলো কাহানিবাই মোক আৰু নোকোবাবি পিতাই তোক কাবৌ কৰিছো হাতৰ ৰছীডাল খুলি দে মোৰ চাল চিগা তেজবোৰ দেখিলে আইৰো বুকু বিষায় তই জাননে পিতাই মোক আৰু নোকোবাবি চেকনীডাল ভাঙি গৈছে নতুনকৈ আৰু […]

ভাগৰুৱা ভৰিবোৰ আগলৈ নাযায়,

কলাফুলত আৰু নোকোবাবি পিতাই৷

আইৰ শিতানৰ সিকিকেইটা

মই অনা নাই

তোৰ কপালৰ ঘামবোৰ

আয়ে যে শিতানত থয়

সেই কথা জানিছিলো কাহানিবাই

মোক আৰু নোকোবাবি পিতাই

তোক কাবৌ কৰিছো

হাতৰ ৰছীডাল খুলি দে

মোৰ চাল চিগা তেজবোৰ দেখিলে

আইৰো বুকু বিষায়

তই জাননে পিতাই

মোক আৰু নোকোবাবি

চেকনীডাল ভাঙি গৈছে

নতুনকৈ আৰু এডাল নলবি সলায়

ভাগৰুৱা ভৰিবোৰ আগলৈ নাযায়৷

FacebookFacebookfb-share-iconYouTubeInstagram