Poem

দুখ (ৰাজশ্ৰী কোঁৱৰ)

হঠাৎ নামে ধুমুহা (ভাৰতী কলিতা) তেওঁ দুখ কৰিছে কাৰণ তেওঁৰ ঘৰটো দুমহলীয়া তেওঁ তিনিমহলীয়া কৰিব পৰা নাই৷             তেওঁৰ পত্নী দুখ             ঘৰত কেৱল আই টেন এখন এখন বলেৰো ল’ব পৰা হ’লে ভাল আছিল৷ তেওঁৰ ল’ৰাৰ ৰাতি টোপনি নাই, কাৰণ তাৰ লগৰটোৰ আই ফোন আছে, সি কেৱল অপ’এফ ফাইভহে ব্যৱহাৰ কৰে৷ আনফালে,             এজন লোকে […]

হঠাৎ নামে ধুমুহা (ভাৰতী কলিতা)

তেওঁ দুখ কৰিছে

কাৰণ তেওঁৰ ঘৰটো দুমহলীয়া

তেওঁ তিনিমহলীয়া কৰিব পৰা নাই৷

            তেওঁৰ পত্নী দুখ

            ঘৰত কেৱল আই টেন এখন

এখন বলেৰো পৰা লে ভাল আছিল৷

তেওঁৰ ৰাৰ ৰাতি টোপনি নাই,

কাৰণ তাৰ লগৰটোৰ আই ফোন আছে,

সি কেৱল অপএফ ফাইভহে ব্যৱহাৰ কৰে৷

আনফালে,

            এজন লোকে দুখ কৰিছে

            কাৰণ তেওঁ অতি কষ্টৰে সজা

            জুপুৰীটো আজি পানীৰ মাজত আছে৷

                        তেওঁৰ পত্নীৰ চিন্তা

                        সঁচতীয়া টকা কেইটা

                        বাঁহৰ চুঙাতে থাকিল,

                        এতিয়া দুবেলা দুমুঠিৰ বাবে

                        হাত পাতিম?

                        তেওঁৰ ৰাৰ ৰাতি টোপনি নাই

                        কাৰণ, বাৰিষাৰ বানে

                        একোকে নাচায়

                        চৰকাৰে বিনামূল্যে দিয়া

                        কিতাপ কেইখনো

                        পানীৰ তলতে শেষ হৈ যায়৷

FacebookFacebookfb-share-iconYouTubeInstagram