Poem

পিতাই (ভূপালী গোস্বামী উপমান্যু)

তেওঁ ডুবি থাকে ঘামৰ ডোঙাত প্ৰতিপল, ঘাম তেওঁৰ চিৰলগৰী ….. তেওঁৰ গোটেই দেহত এখনি ঘামৰ সাগৰ , আৰn সেই সাগৰৰ পাৰতেই মোৰ ঘৰ … তেওঁৰ হাতৰ মুঠিত পৃথিৱীৰ সমস্ত সুখ, ভালৰো ভাল সুখবোৰ জমা কৰি তেওঁৰ দুহাত এতিয়া ৰুদ্ধ .. কিহৰ বাবেনো সময়ৰ লগত তেওঁৰ ইমান যুদ্ধ //

তেওঁ ডুবি থাকে
ঘামৰ ডোঙাত
প্ৰতিপল,
ঘাম তেওঁৰ চিৰলগৰী …..

তেওঁৰ গোটেই দেহত
এখনি ঘামৰ সাগৰ ,
আৰn সেই সাগৰৰ পাৰতেই
মোৰ ঘৰ …

তেওঁৰ হাতৰ মুঠিত
পৃথিৱীৰ সমস্ত সুখ,
ভালৰো ভাল সুখবোৰ জমা কৰি
তেওঁৰ দুহাত এতিয়া ৰুদ্ধ ..
কিহৰ বাবেনো
সময়ৰ লগত তেওঁৰ
ইমান যুদ্ধ //

FacebookFacebookfb-share-iconYouTubeInstagram