Poem

মালবিকাৰ ফাগুন (সৌৰভ শইকীয়া)

 শৈশৱতে পাইছিলোঁ তাইক৷  জনা হোৱাৰে পৰা বুকুত লাজ মালবিকা৷ তাই অৱাঁ সূতাৰে গাঁথিছিল তাই কি লৈ আঁকিছিল বেৰত ফুঁটা কৰি দিছিল বসন্ত বাগ, বসন্ত বাগ মালবিকা    এতিয়া মালবিকাৰ সপোনেৰে মোৰ গাৰুটো ওখ হৈ গৈছে৷ তাইৰ ধুমুহাৰে তাইৰ তীক্ষ্ণ মাতেৰে মোৰ নিশাটো আচৰিত, উন্মাদ জোৰ খুন্দা লাগি ঝনাৎ শব্দ কৰি হঠাৎ জাপানী পুষ্প-লণ্ঠন নুমাই গৈছে […]

 শৈশৱতে পাইছিলোঁ তাইক৷

 জনা হোৱাৰে পৰা বুকুত লাজ

মালবিকা৷

তাই অৱাঁ সূতাৰে গাঁথিছিল

তাই কি লৈ আঁকিছিল

বেৰত ফুঁটা কৰি দিছিল বসন্ত বাগ, বসন্ত বাগ

মালবিকা

 

 

 এতিয়া মালবিকাৰ সপোনেৰে মোৰ গাৰুটো ওখ হৈ গৈছে৷

তাইৰ ধুমুহাৰে

তাইৰ তীক্ষ্ণ মাতেৰে মোৰ নিশাটো

আচৰিত, উন্মাদ

জোৰ খুন্দা লাগি ঝনাৎ শব্দ কৰি হঠাৎ

জাপানী পুষ্পলণ্ঠন নুমাই গৈছে

ইচাটবিচাট জোনাকী পৰুৱাবোৰ কামিনীৰ দৰে

কোঠালিটোলৈ সোমাই আহিছে

আমপাত আমপাত গোন্ধাইছে

অচিন বতাহ…. ফুলৰ ৰেণু

মালবিকা

তাইৰ যাদুস্পৰ্শত বিছনাখন মোৰ ফাগুন হৈছে

আঁঠুৱাখন ছিঙি যাওঁ ছিঙি যাওঁ কৰিছে

সৰ সৰ সৰ সৰ

সৰ সৰ সৰ সৰ ওঃ মালবিকা

উৰি গৈছে

সেয়া, উৰি গৈছে খিৰিকীৰে

মালবিকা মালবিকা সেয়া

তাই উৰি গৈছে…, উৰি গৈছে৷

আশ্বৰ্য প্ৰেম/

সেইবিলাক সূৰ্যাস্ত যি বহুকাল অতীত হৈ গৈছে

সেইবিলাক সূৰ্যাস্ত যি ইয়াৰ পাছত অতীত হৈ যাব

পৃথিৱীয়ে নাজানিব৷

বতাহ ছিৰাছিৰ কৰি এতিয়াও যাওঁ ঝাওবনৰ কাষলৈ৷

একপৃষ্ঠা হৃদয় যদি তাৰ মাজতেই পাওঁ?

FacebookFacebookfb-share-iconYouTubeInstagram