Poem

মৃত্যুৰ কিৰীলি (বিপুল গগৈ)

আই অথবা পিতাইক অকালতে চিতাগ্নিত তোলা স্বামী, পত্নী, সন্তান আৰু আত্মীয় স্বজনক বগা কাপোৰেৰে ঢাকি দিয়া বেদনাসিক্ত মৰ্মান্তিক দৃশ্যবোৰ শোকৰ কৰুণ চিৎকাৰবোৰ অনাকাংক্ষিত মৰণৰ কিৰীলিবোৰ হ্নদয়ৰ কোঁহে কোঁহে শেল হৈ বিন্ধে মনৰ আঁহে আঁহে বিষাদৰ বাঁহীৰ সুৰৰ আঘাত হৈ কাপ খাই ধৰে, চিতাৰ অগ্নি ফিৰিঙতিয়ে দেহ মন তিল তিলকৈ পুৰে৷ বসুন্ধৰাৰ বুকুত এতিয়া কেৱল জীৱন […]

আই অথবা পিতাইক

অকালতে চিতাগ্নিত তোলা

স্বামী, পত্নী, সন্তান আৰু

আত্মীয় স্বজনক

বগা কাপোৰেৰে ঢাকি দিয়া

বেদনাসিক্ত মৰ্মান্তিক দৃশ্যবোৰ

শোকৰ কৰুণ চিৎকাৰবোৰ

অনাকাংক্ষিত মৰণৰ কিৰীলিবোৰ

হ্নদয়ৰ কোঁহে কোঁহে

শেল হৈ বিন্ধে

মনৰ আঁহে আঁহে

বিষাদৰ বাঁহীৰ সুৰৰ আঘাত হৈ

কাপ খাই ধৰে,

চিতাৰ অগ্নি ফিৰিঙতিয়ে

দেহ মন তিল তিলকৈ পুৰে৷

বসুন্ধৰাৰ বুকুত এতিয়া কেৱল

জীৱন যুঁজৰ নিনাদ 

ঘাটপ্ৰতিঘাত

প্ৰাণৰ মমতাৰ আতংকত 

ঘৰেঘৰুৱাহে

গাঁৱেকুটুম্বে সমন্বিতে

জীৱন সঞ্জীৱনী সুধা

বক্ষত লৈ বৈ অহা

গংগা অলকানন্দাত

মানৱৰ সৰ্ব অহংকাৰ

উচাত্মিকতা সঁপি দি

পুঁৱতিৰ সমজুৱা স্নানৰ কিৰীলি

জীয়াই থকাৰ একান্ত তাড়নাত

জগতৰ চৌদিশে এতিয়া

মনুষ্য শিৰনত

নিৰাকাৰ প্ৰভুৰ শ্ৰীচৰণত৷