Poem

শাৰদীয় বিশেষ দীপান্বিতা (কৰবী বৰ্মন কলিতা)

তুমি দ্বীপান্বিতা পদে পদে পোহৰৰ ফুল ছটিয়াই হৰ্ষিত কৰিবা প্ৰতিটো মন৷   তুমি আকাশৰ চাকি আহি আঁতৰাবা মানুহৰ দুখৰ ৰাত্ৰি৷   তুমি ত্ৰৈলোক্য নন্দিনী বিবস্ত্ৰ ধাৰিণী ৰূপান্তৰৰ উগ্ৰ মূৰ্তিৰ মা কালী৷   বিপদ বিনাশী বিলোৱা আশিস বঢ়োৱা আমাৰ শান্তিৰ মাধুৰিমা৷   তুমি দীপান্বিতা অনুকূল তৰুণী৷ ভক্তৰ কবচ ত্ৰৈলোক্য নন্দিনী৷৷  

তুমি দ্বীপান্বিতা

পদে পদে পোহৰৰ

ফুল ছটিয়াই

হৰ্ষিত কৰিবা প্ৰতিটো মন৷

 

 

তুমি আকাশৰ চাকি

আহি আঁতৰাবা

মানুহৰ দুখৰ ৰাত্ৰি৷

 

 

তুমি ত্ৰৈলোক্য নন্দিনী

বিবস্ত্ৰ ধাৰিণী

ৰূপান্তৰৰ উগ্ৰ মূৰ্তিৰ

মা কালী৷

 

 

বিপদ বিনাশী বিলোৱা আশিস

বঢ়োৱা আমাৰ

শান্তিৰ মাধুৰিমা৷

 

 

তুমি দীপান্বিতা

অনুকূল তৰুণী৷

ভক্তৰ কবচ

ত্ৰৈলোক্য নন্দিনী৷৷