Poem
শূণ্যতা বুকুৰ (ভাস্কৰ জ্যোতি ডেকা)
নিৰ্দয় হৃদয়ত অৱকাশৰ দুৱাৰ, পাৰা যদি ওলাই আহা অভিমানৰ শিকলি ছিঙি৷ আজি ইয়াত একো নাই সকলো শূণ্য মাথোঁ বিৰহৰ ছবি অদ্ভুত, অদ্ভুত আছিল সিদিনা সেইদিনাই ৰক্তাক্ত হৈছিল তেজবোৰে চেঁকুৰা বান্ধিছিল অশ্ৰুবোৰ নিগৰিছিল প্ৰাণৰ মমতাত৷ এখন ছবি দেখিছিলোঁ জীয়া বুকুৰ উলাহৰ কাঢ়ি লৈ গ’ল কাঢ়ি লৈ গ’ল সিদিনাই বুকুৰ মাজৰ পৰা যিদিনাই অশ্ৰু […]
নিৰ্দয় হৃদয়ত
অৱকাশৰ দুৱাৰ,
পাৰা যদি ওলাই আহা
অভিমানৰ শিকলি ছিঙি৷
আজি ইয়াত একো নাই
সকলো শূণ্য
মাথোঁ বিৰহৰ ছবি
অদ্ভুত, অদ্ভুত আছিল সিদিনা
সেইদিনাই ৰক্তাক্ত হৈছিল
তেজবোৰে চেঁকুৰা বান্ধিছিল
অশ্ৰুবোৰ নিগৰিছিল
প্ৰাণৰ মমতাত৷
এখন ছবি দেখিছিলোঁ
জীয়া বুকুৰ উলাহৰ
কাঢ়ি লৈ গ’ল
কাঢ়ি লৈ গ’ল সিদিনাই বুকুৰ মাজৰ পৰা
যিদিনাই অশ্ৰু বৈছিল
প্ৰাণৰ ভিক্ষা খোজা হৈছিল
থাকিল মাথোঁ শূণ্যতা৷




