Poem

শেৱালি (মলয়া নেওগ)

শৰতৰ শাৰদীয়     পুৱতি নিশা         অজানিতে সাৰ পাই গ’লো, ভাঙি গ’ল ঘুমতি     পুলক ভৰা         মধুৰ মিঠা অনুভূতি৷ দুৱাৰ খুলি আগুৱাই গ’লো,     চোতালৰ দুৱৰিৰ পাতত পালোঁ         নিয়ৰৰ টোপা৷ সকলো লগ লাগি গাঁথিছে     মুকুতাৰ মালা৷৷ কাষ চাপি দেখিলো     শেৱালি পাহিবোৰ         আছে তলভৰি সৰি৷ আলফুলকৈ দুহাতেৰে […]

শৰতৰ শাৰদীয়
    পুৱতি নিশা
        অজানিতে সাৰ পাই গ’লো,

ভাঙি গ’ল ঘুমতি
    পুলক ভৰা
        মধুৰ মিঠা অনুভূতি৷

দুৱাৰ খুলি আগুৱাই গ’লো,
    চোতালৰ দুৱৰিৰ পাতত পালোঁ
        নিয়ৰৰ টোপা৷

সকলো লগ লাগি গাঁথিছে
    মুকুতাৰ মালা৷৷

কাষ চাপি দেখিলো
    শেৱালি পাহিবোৰ
        আছে তলভৰি সৰি৷

আলফুলকৈ দুহাতেৰে
    আজলি ভৰাই
        পাহিবোৰ ল’লো বুটলি৷৷