Poem

শৰৎ আহিল… (জয়শ্ৰী বুঢ়াগোহাঁই)

সেই বান্ধোন ছিঙি গুচি আহ তই শৰৎ আহিল… তইয়ে মইয়ে এক হোৱাৰ কুঁৱলিৰ মাজে মাজে হাতত হাত ধৰাৰ শৰৎ আহিল৷ মনৰ এচোকত ৰখা শেৱালি সনা মৰমবোৰ তোৰ ওঁঠজুৰিত গুজি দিবলৈ শৰৎ আহিল

সেই বান্ধোন ছিঙি
গুচি আহ তই
শৰৎ আহিল…
তইয়ে মইয়ে এক হোৱাৰ
কুঁৱলিৰ মাজে মাজে
হাতত হাত ধৰাৰ
শৰৎ আহিল৷
মনৰ এচোকত ৰখা
শেৱালি সনা মৰমবোৰ
তোৰ ওঁঠজুৰিত গুজি দিবলৈ
শৰৎ আহিল