Poem

সঁচা অনুভৱৰ আঁত ধৰি (বিপুল গগৈ)

বটবৃক্ষৰ ছাঁত জিৰাই গা শাঁত পেলোৱা ভাললগা অনুভৱবোৰ অতীত কাহিনী হ’বলৈ নিদিবা, জীৱনৰ উত্থান ঘটোৱা দুবেলা দুসাজ অন্ন দিয়া ভৰাঁলটো সযতনে ৰাখিবা পাণে-তামোলে, আমে-কঁঠালে শোভিত বাৰীখন চিকুণ, কোমল কৰি থবা মোমাই তামুলীৰ আদৰ্শ ল’বা, দুপইচা আৰ্জিলো বুলিয়েই গংগাটোপ হৈ সেউজ বাৰীৰ গছবোৰ কাটি দালান গঢ়িব নালাগে নিভাঁজ গঞাই হৈ থাকা পৰিচয় অটুট থাকিব কালৰ পলসত […]

বটবৃক্ষৰ ছাঁত জিৰাই
গা শাঁত পেলোৱা
ভাললগা অনুভৱবোৰ
অতীত কাহিনী হ’বলৈ নিদিবা,
জীৱনৰ উত্থান ঘটোৱা
দুবেলা দুসাজ অন্ন দিয়া ভৰাঁলটো
সযতনে ৰাখিবা
পাণে-তামোলে, আমে-কঁঠালে শোভিত
বাৰীখন চিকুণ, কোমল কৰি থবা
মোমাই তামুলীৰ আদৰ্শ ল’বা,
দুপইচা আৰ্জিলো বুলিয়েই
গংগাটোপ হৈ সেউজ বাৰীৰ
গছবোৰ কাটি
দালান গঢ়িব নালাগে
নিভাঁজ গঞাই হৈ থাকা
পৰিচয় অটুট থাকিব
কালৰ পলসত পোত নাযায়,
নিৰহংকাৰীৰ সৰলমনা জীৱন উদ্ভাসি থাকিব কাললৈ
গৰ্ভভিমানীৰ আভিজাত্যবাদী
নৈৰ কোবাল বোৱঁতী সুঁতিত উটি যাব৷
পিতায়ে ৰোৱা ঢাপৰ জাতি বাঁহজোপা
নিপোটল হৈ থাকক
ভব সাগৰৰ তীৰত বহি
জীৱনৰ ক্ষণ গণি থাকোঁতে
কেতিয়াবা হঠাতে জাতিবাঁহেই
হাঁহি হাঁহি সাঙি ভাৰ হ’ব
তাকেই কাটি চাৰি খুঁটি পুতিব
জুই দি পুৰিব, মাটি দি ঢাকিব
হাড়তো গজিব দোৰোণ, দুৱৰিবন৷

FacebookFacebookfb-share-iconYouTubeInstagram