Poem

সপোন ভঙাৰ খেল নেখেলিবা (মামণি মহন্ত)

দুচকুত সেউজীয়া সপোন লৈ উৰিব বিচাৰো, নীলিম আকাশৰ বুকুত৷ সুগন্ধি বিলাব বিচাৰো ফুলি উঠা ফুল পাহিৰ দৰে, পোহৰ বিলাব বিচাৰো আন্ধাৰত উৰি ফুৰা জোনাকীৰ দৰে৷ কিমান আনন্দত আত্মহাৰা হ’লে সেন্দুৰ আৰু মুখৰ ৰং একাকাৰ হয় নাজানো, সেই ৰঙেৰে উজ্বল হ’বলৈ বিচাৰো৷ গছৰ পাতৰ ফাঁকেৰে অহা পুৱাৰ ৰ’দৰ জিলিঙনিৰ দৰেই জিলিকি ববিচাৰো, পলাশৰ ৰাঙলী আভাৰে আলোকিত […]

দুচকুত সেউজীয়া সপোন লৈ উৰিব বিচাৰো,
নীলিম আকাশৰ বুকুত৷
সুগন্ধি বিলাব বিচাৰো
ফুলি উঠা ফুল পাহিৰ দৰে,
পোহৰ বিলাব বিচাৰো
আন্ধাৰত উৰি ফুৰা
জোনাকীৰ দৰে৷
কিমান আনন্দত আত্মহাৰা হ’লে
সেন্দুৰ আৰু মুখৰ ৰং একাকাৰ হয় নাজানো,
সেই ৰঙেৰে উজ্বল হ’বলৈ বিচাৰো৷
গছৰ পাতৰ ফাঁকেৰে অহা
পুৱাৰ ৰ’দৰ জিলিঙনিৰ দৰেই
জিলিকি ববিচাৰো,
পলাশৰ ৰাঙলী আভাৰে আলোকিত
হ’বলৈ বিচাৰো৷
ম’ৰহা সপোনৰ দুখত
দুচকুৰ নিৰ্লজ্জ চকুৰ পানীৰে
দুগাল তিয়াবলৈ
নিবিচাৰোঁ……..
সপোন ভঙাৰ খেল নেখেলিবা৷৷

FacebookFacebookfb-share-iconYouTubeInstagram