Poem

সময় (প্ৰশান্ত সাগৰ চাংমাই)

বছৰৰ শেষৰ দিনত আৰম্ভ হয় নতুন বছৰৰ দিন৷   প্ৰতিপল জীৱনৰ হয়গৈ অতীতৰ ৰং৷   এটা এটা বছৰ কোনফালেদি সৰকি যায়? একেবাৰে হাড়ৰ মাজদি হয়তো/   চুলিবোৰৰ ওপৰেদি   ছালবোৰত ৰৈ যায় নেকি তাৰ অলপ আঁচোৰ?   দাঁতবোৰৰ গুৰিত পৰি ৰয় নেকি বহাগৰ কুঁহিপাতৰ সুবাস?   কোনফালেদি গুচি যায় বছৰটো? মইটো একেখন চকীতেই বহি আছো […]

বছৰৰ শেষৰ দিনত

আৰম্ভ হয় নতুন বছৰৰ দিন৷

 

 

প্ৰতিপল জীৱনৰ

হয়গৈ

অতীতৰ ৰং৷

 

 

এটা এটা বছৰ কোনফালেদি সৰকি যায়?

একেবাৰে হাড়ৰ মাজদি হয়তো/

 

 

চুলিবোৰৰ ওপৰেদি

 

 

ছালবোৰত ৰৈ যায় নেকি

তাৰ অলপ আঁচোৰ?

 

 

দাঁতবোৰৰ গুৰিত পৰি ৰয় নেকি

বহাগৰ কুঁহিপাতৰ সুবাস?

 

 

কোনফালেদি গুচি যায় বছৰটো?

মইটো একেখন চকীতেই বহি আছো

সেকি সেকি৷

চকীখন অলপ পুৰণি হৈ পৰিল নেকি?

চকীখনৰ লগত ময়ো হৈ পৰিলো নেকি অলপ পুৰণি?

লৰিছে নেকি মোৰ হাড়ৰ গাঁঠি

লৰিছে নেকি চকীখনৰ খুটি

 

 

দৰ উদৰতেই

দৰ পিতৃ

সূৰ্য

অবিনাশী৷

FacebookFacebookfb-share-iconYouTubeInstagram