Poem

হৃদয় (অনুভৱ অনুৰণন)

হাল বাই চহ কৰিম তোমাৰ নিথৰ হৃদয় নিস্তব্ধতাৰ শব্দেৰে সময়ৰ মৈ দি উৰ্বৰ কৰি কঠিয়া পাৰিম মোৰ মৰমৰ বীজেৰে এজাক মিঠা বৰষুণৰ টোপাল সঞ্চাৰিত কৰি তোমাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বাট চাই ৰম সেউজীয়া আলিংগনৰ বাবে৷৷

হাল বাই চহ কৰিম
তোমাৰ নিথৰ হৃদয়
নিস্তব্ধতাৰ শব্দেৰে
সময়ৰ মৈ দি
উৰ্বৰ কৰি কঠিয়া পাৰিম
মোৰ মৰমৰ বীজেৰে
এজাক মিঠা বৰষুণৰ
টোপাল
সঞ্চাৰিত কৰি তোমাৰ
ৰন্ধ্ৰে ৰন্ধ্ৰে
বাট চাই ৰম
সেউজীয়া আলিংগনৰ
বাবে৷৷

FacebookFacebookfb-share-iconYouTubeInstagram