Poem
অলপ মাত্ৰ ভালপোৱা (শংকৰজ্যোতি মহন্ত)
অলপ ভালপোৱা মৃত্যুৰ বিভিষীকা সাৱতি লোৱা এটা নিথৰ দেহা গজি উঠে ঘনে ঘনে চোতালত বহু কিয় সমাধি মৰহা ফুলৰ মুখত আজি মিচিকি হাঁহি ভালপোৱা অলপ মৃত্যুৰ বিভিষীকা এঙাৰ ক’লা বিষন্ন ৰাতি ৰাজপথত মৃত্যুৰ হাঁহি জোনত জিলিকে বন্দুকৰ নলী অলপ ভালপোৱা মৃত্যুৰ বিভিষীকা.. এন্ধাৰতো দেখো পোহৰতো দেখো চৌপাশে মাথো ক্ৰন্দন শুনো.. ভালপোৱা মাথো মৃত্যুৰ বিভিষীকা….
অলপ ভালপোৱা
মৃত্যুৰ বিভিষীকা
সাৱতি লোৱা
এটা নিথৰ দেহা
গজি উঠে ঘনে ঘনে
চোতালত বহু কিয়
সমাধি
মৰহা ফুলৰ মুখত আজি
মিচিকি হাঁহি
ভালপোৱা অলপ
মৃত্যুৰ বিভিষীকা
এঙাৰ ক’লা বিষন্ন ৰাতি
ৰাজপথত মৃত্যুৰ হাঁহি
জোনত জিলিকে
বন্দুকৰ নলী
অলপ ভালপোৱা
মৃত্যুৰ বিভিষীকা..
এন্ধাৰতো দেখো
পোহৰতো দেখো
চৌপাশে মাথো
ক্ৰন্দন শুনো..
ভালপোৱা মাথো
মৃত্যুৰ বিভিষীকা….




