Poem

আধৰুৱা দস্তাবেজৰ চিত্ৰাংকন (বিপুল গগৈ)

মোৰ জন্মদাতা পিতৃ-মাতৃ মোৰ জীৱন পৰিক্ৰমাৰ দস্তাবেজৰ পাণ্ডুলিপি সেই মহিমামণ্ডিত বেটুপাতত শৈশৱতে অলংকৃত পৃথিৱীলৈ জীৱনৰ ৰঙীয়াল বঙিয়াইদি জীৱনবৃক্ষৰ ডালে-পাতে বগাই উজাই অহা বাটেৰে উভতিব খুজিছোঁ পোৱা-নোপোৱাৰ কেঁচা দলিলত আত্মনিবেদিত অনুৰাগ আনুগত্য প্ৰক্ষিপ্ত কৰিবৰ মানস কৰিছোঁ পৰিহাৰ্য-অপৰিহাৰ্য প্ৰাপ্তি-অপ্ৰাপ্তিৰ আদ্যোপান্ত মনৰ কোঁহে কোঁহে দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰৱাহিত শৈশৱ যৌৱন যুগ্মজীৱনৰ ভাৱনাৰ অৰ্ণৱৰ ঢৌবোৰ মনাকাশৰ দোলাত দোলা চকুৰ […]

মোৰ জন্মদাতা পিতৃ-মাতৃ
মোৰ জীৱন পৰিক্ৰমাৰ
দস্তাবেজৰ পাণ্ডুলিপি
সেই মহিমামণ্ডিত বেটুপাতত
শৈশৱতে অলংকৃত পৃথিৱীলৈ
জীৱনৰ ৰঙীয়াল বঙিয়াইদি
জীৱনবৃক্ষৰ ডালে-পাতে বগাই
উজাই অহা বাটেৰে উভতিব খুজিছোঁ
পোৱা-নোপোৱাৰ কেঁচা দলিলত
আত্মনিবেদিত অনুৰাগ আনুগত্য
প্ৰক্ষিপ্ত কৰিবৰ মানস কৰিছোঁ
পৰিহাৰ্য-অপৰিহাৰ্য
প্ৰাপ্তি-অপ্ৰাপ্তিৰ আদ্যোপান্ত
মনৰ কোঁহে কোঁহে
দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰৱাহিত
শৈশৱ যৌৱন যুগ্মজীৱনৰ
ভাৱনাৰ অৰ্ণৱৰ ঢৌবোৰ
মনাকাশৰ দোলাত দোলা
চকুৰ অলক্ষিতে পাৰ হোৱা অৰ্ধ শতাব্দীৰ
অবিস্মৰণীয় বৰ্ণিল বৈচিত্ৰময়
বৰ্ণনাতীত কাহিনী সম্ভাৰেৰে
খোদিত কৰিব খুজিছোঁ
আই-পিতাইৰ পাণ্ডুলিপি থকা
জীৱনৰ দস্তাবেজত৷

FacebookFacebookfb-share-iconYouTubeInstagram