Poem

আহিবা বুলি (দীপলু শৰ্মা)

বৰষুণজাকে তুমি অহাৰ উমান দিয়ে, শীতল বতাহ জাকেও আহিবা বুলি বতৰা দিয়ে৷   চকুজুৰিয়েও বাৰে বাৰে চাই ৰয় পদুলিলৈ, প্ৰেমৰ ভাষা চকুৰে বুজাবলৈ৷   তোমাৰ বুকুত মুৰ গুজি এপ’লক জিৰাও   ভাগৰুৱা দেহ-মন শাঁত পেলাওঁ৷   বাজে সুৰ হৃদয়ত অইঃ নিতমৰ   প্ৰেমৰ জোঁৱাৰ উঠে মনৰ সাগৰৰ তীৰত৷   একো নকবা মাথো চকুলৈ চাই ৰোৱা […]

বৰষুণজাকে

তুমি অহাৰ উমান দিয়ে,

শীতল বতাহ জাকেও

আহিবা বুলি বতৰা দিয়ে৷

 

 

চকুজুৰিয়েও বাৰে বাৰে

চাই ৰয়

পদুলিলৈ,

প্ৰেমৰ ভাষা চকুৰে বুজাবলৈ৷

 

 

তোমাৰ বুকুত মুৰ গুজি

এপলক জিৰাও

 

 

ভাগৰুৱা দেহমন শাঁত পেলাওঁ৷

 

 

বাজে সুৰ হৃদয়ত

অইঃ নিতমৰ

 

 

প্ৰেমৰ জোঁৱাৰ উঠে

মনৰ সাগৰৰ তীৰত৷

 

 

একো নকবা

মাথো চকুলৈ চাই ৰোৱা

অনুভৱ প্ৰেম বিশালতাৰ৷

 

 

ৰঙা চাহৰ কাপত

ওঁঠৰ ৰঙা বোল

যেন অমৃতৰ সৰোবৰ৷

 

 

তুমি অহাৰ অপেক্ষা

 

 

চকুজুৰিও ভাগৰুৱা৷