Poem

ইতিহাসৰ এখিলা ধোঁৱা বৰণীয়া পাত (মিনতি শৰ্মা)

ইতিহাসৰ পাতখিলা থৈ দিব ৰজাঘৰত আগলৈ অহা ৰজাবোৰে পঢ়িব তলাবন্ধ, সান্ধ্যআইন, মহামাৰী কৰ’ণা হাহাকাৰ চৌদিশে ক’লা পৰ্দাৰ আঁৰ   পৃথিৱীৰ মানুহ এতিয়া একেধৰণে আছে ধনী-দুখীয়া সকলো একে ডোলে বান্ধ খাইছে ৰাজকীয় আহাৰবোৰ হেৰাই গৈছে আতংকিত সৰ্বত্ৰে৷ এই ক’লা পৰ্দা দাঙ যাব কেতিয়া সেউজীয়া কাপোৰৰ আঁৰহে লাগে আন্ধাৰৰ আঁৰ কাপোৰত কিমান দিনলৈ বন্দী বাৰু   মজিয়াবোৰত […]

ইতিহাসৰ পাতখিলা থৈ দিব ৰজাঘৰত

আগলৈ অহা ৰজাবোৰে পঢ়িব

তলাবন্ধ, সান্ধ্যআইন, মহামাৰী কৰণা

হাহাকাৰ চৌদিশে লা পৰ্দাৰ আঁৰ

 

 

পৃথিৱীৰ মানুহ এতিয়া একেধৰণে আছে

ধনীদুখীয়া সকলো একে ডোলে বান্ধ খাইছে

ৰাজকীয় আহাৰবোৰ হেৰাই গৈছে

আতংকিত সৰ্বত্ৰে৷

এই লা পৰ্দা দাঙ যাব কেতিয়া

সেউজীয়া কাপোৰৰ আঁৰহে লাগে

আন্ধাৰৰ আঁৰ কাপোৰত কিমান দিনলৈ বন্দী বাৰু

 

 

মজিয়াবোৰত দুৰ্ভিক্ষ, আধা পেটী ভাত

বজাৰো নাই, ওলালেও হেতাওপৰা

ৰোগীৰ ঔষধ বিচাৰি ভৰি দুখনেই এতিয়া যাতায়ত

যান নাই দুৰ্ঘটনাও নাই, ভৰিয়েই হওক যান

হাত দুখনেই শক্তিৰ জোখমাখ বোজাই কঢ়িওৱাৰ

 

 

এৰা, মানুহবোৰ একশ্ৰেণী হৈ আছে

গাঁৱৰ টেঙেচী, মাটিকাদুৰী, বনজালুক, মৰলীয়া,

লাই জাবৰীবোৰৰ আদৰ বাঢ়িছে

পুৰণি দিন ঘুৰি আহিবই কাৰণ

পৃথিৱী যে ঘূৰণীয়া

সত্যৰ যে সদায় জয়

হাঁহকুকুৰাবোৰৰ আয়ুস বাঢ়িছে

এয়া পৃথিৱীৰ দুঃসময়৷

FacebookFacebookfb-share-iconYouTubeInstagram