Poem

প্ৰেম

ইন্দিৰা দেৱী মোৰ পৰা তেওঁৰ ঘৰলৈ দুখোজৰ বাট৷ ইহজনম পৰজনম উজাই উজাই মই অক্লান্তা৷ সৰু সৰু শিপাবোৰে পোখা মেলি শীৰ্ষমৃত্তিকাত পোত খাইছিলহে মাত্ৰ, আকাশমুখী সেউজীয়া আগটোৰপৰা বিহ্বলিত ঠাল-ঠেঙুলিবোৰে আহল-বহলকৈ হাতবোৰ মেলি দিছিল৷ জিৰজিৰীয়া বতাহৰ সিৰসিৰনিত উদভ্ৰান্ত হৈ দিকভ্ৰান্ত নহ’লেও, উভতি চালে তেওঁৰ ছাঁটোত আজিও মোৰেই প্ৰতিবিম্ব প্ৰতিবিম্বিত হয়৷ অপৰিসীমৰ সীমাত ৰৈ ৰৌদ্ৰোজ্জ্বল পুৱাত সদ্যস্নাতা কোনো […]

ইন্দিৰা দেৱী

মোৰ পৰা তেওঁৰ ঘৰলৈ দুখোজৰ বাট৷

ইহজনম পৰজনম উজাই উজাই

মই অক্লান্তা৷

সৰু সৰু শিপাবোৰে পোখা মেলি

শীৰ্ষমৃত্তিকাত পোত খাইছিলহে মাত্ৰ,

আকাশমুখী সেউজীয়া আগটোৰপৰা

বিহ্বলিত ঠালঠেঙুলিবোৰে

আহলবহলকৈ হাতবোৰ মেলি দিছিল৷

জিৰজিৰীয়া বতাহৰ সিৰসিৰনিত

উদভ্ৰান্ত হৈ দিকভ্ৰান্ত নহলেও,

উভতি চালে তেওঁৰ ছাঁটোত আজিও

মোৰেই প্ৰতিবিম্ব প্ৰতিবিম্বিত হয়৷

অপৰিসীমৰ সীমাত ৰৈ

ৰৌদ্ৰোজ্জ্বল পুৱাত সদ্যস্নাতা কোনো মহিমাময়ীৰ

আকুল আহ্বানত এদিন তেওঁ বিলীন হৈ ল৷৷

মোলৈ এৰি থৈ

ক্ষতবিক্ষত ক্ষোভৰ দগমগীয়া জুইকুৰা৷

পুনৰ,

নেদেখাকৈয়ে তেওঁৰ গোপন প্ৰত্যাৱৰ্তন৷

উটি বুৰি ৰবাত হেৰাই যোৱা

এতিয়া মই

এটা মৃত আত্মা৷৷