Current Topic

শব্দহীন মই আজি

আহিনৰ পদুলিত ঊমামণি গগৈ হাজৰিকা শব্দহীনতাত ভুগিছো মই, শব্দহীনতাৰ বাবে থমকি ৰৈছোঁ, শব্দহীনতাৰ বাবেই উকা হৈ ৰৈছে অনুভৱৰ দলিচা৷ শব্দৰ বাবেই জোনালী চকুত জীৱনৰ গান আধা ৰচা হ’ল, শব্দৰ বাবেই অভিমানত সাৰে থকা কথাবোৰ আধা লিখা হ’ল, শাৰদীয় চঞ্চল জোনৰ জোনাকো দেখোন আজি আহিনৰ পদুলিৰ নিয়ৰত পৰি ৰ’ল–   তথাপিও পদুলিত ৰলোহি স্বপ্নবিভোৰা হৈ, আহিনৰ […]

আহিনৰ পদুলিত

ঊমামণি গগৈ হাজৰিকা

শব্দহীনতাত ভুগিছো মই,

শব্দহীনতাৰ বাবে থমকি ৰৈছোঁ,

শব্দহীনতাৰ বাবেই উকা হৈ ৰৈছে

অনুভৱৰ দলিচা৷

শব্দৰ বাবেই জোনালী চকুত জীৱনৰ গান

আধা ৰচা ,

শব্দৰ বাবেই অভিমানত সাৰে থকা কথাবোৰ

আধা লিখা ,

শাৰদীয় চঞ্চল জোনৰ জোনাকো দেখোন

আজি আহিনৰ পদুলিৰ নিয়ৰত পৰি

 

তথাপিও পদুলিত ৰলোহি স্বপ্নবিভোৰা হৈ,

আহিনৰ মিচিকিয়া বাটৰ সিপাৰে ৰৈ

শাৰদী জোনাকে যেন কাণে কাণে লে

আধৰুৱা সপোনৰ বাখৰুৱা ফুল

চন্দ্ৰাৱলী শৰতৰ সেউজী বুকুত

সৰিব এদিন ঠেকেৰা ফুলৰ দৰে,

উদাস আহিনতো কামিনী কাঞ্চনে হাঁহিব

ভাবনাৰ কোঁহে কোঁহে….

 

এক আছুতীয়া শক্তি শব্দৰ ছাঁয়াপ্১২৬ায়া হৈ

সিপাৰৰ পৰা মোক সাৱটি ধৰিছে,

মই পুনৰ শব্দৰ উশাহেৰে জী উঠিব খোজোঁ,

শব্দৰেই তোমাক কবিতাত বান্ধি ৰাখিব খোজোঁ৷

কিন্তু কবিতা কেনেকৈ লিখো কোৱা?

তুমিতো জানাই, মই যে নিজেই

তোমাৰ অনুৰাগৰ আধিক্যৰে লুতুৰিপুতুৰি

FacebookFacebookfb-share-iconYouTubeInstagram