Poem
শাৰদীয় বিশেষ দীপান্বিতা (কৰবী বৰ্মন কলিতা)
তুমি দ্বীপান্বিতা পদে পদে পোহৰৰ ফুল ছটিয়াই হৰ্ষিত কৰিবা প্ৰতিটো মন৷ তুমি আকাশৰ চাকি আহি আঁতৰাবা মানুহৰ দুখৰ ৰাত্ৰি৷ তুমি ত্ৰৈলোক্য নন্দিনী বিবস্ত্ৰ ধাৰিণী ৰূপান্তৰৰ উগ্ৰ মূৰ্তিৰ মা কালী৷ বিপদ বিনাশী বিলোৱা আশিস বঢ়োৱা আমাৰ শান্তিৰ মাধুৰিমা৷ তুমি দীপান্বিতা অনুকূল তৰুণী৷ ভক্তৰ কবচ ত্ৰৈলোক্য নন্দিনী৷৷
তুমি দ্বীপান্বিতা
পদে পদে পোহৰৰ
ফুল ছটিয়াই
হৰ্ষিত কৰিবা প্ৰতিটো মন৷
তুমি আকাশৰ চাকি
আহি আঁতৰাবা
মানুহৰ দুখৰ ৰাত্ৰি৷
তুমি ত্ৰৈলোক্য নন্দিনী
বিবস্ত্ৰ ধাৰিণী
ৰূপান্তৰৰ উগ্ৰ মূৰ্তিৰ
মা কালী৷
বিপদ বিনাশী বিলোৱা আশিস
বঢ়োৱা আমাৰ
শান্তিৰ মাধুৰিমা৷
তুমি দীপান্বিতা
অনুকূল তৰুণী৷
ভক্তৰ কবচ
ত্ৰৈলোক্য নন্দিনী৷৷