Poem

শূণ্যতা বুকুৰ (ভাস্কৰ জ্যোতি ডেকা)

নিৰ্দয় হৃদয়ত অৱকাশৰ দুৱাৰ, পাৰা যদি ওলাই আহা অভিমানৰ শিকলি ছিঙি৷   আজি ইয়াত একো নাই সকলো শূণ্য মাথোঁ বিৰহৰ ছবি অদ্ভুত, অদ্ভুত আছিল সিদিনা সেইদিনাই ৰক্তাক্ত হৈছিল তেজবোৰে চেঁকুৰা বান্ধিছিল অশ্ৰুবোৰ নিগৰিছিল প্ৰাণৰ মমতাত৷   এখন ছবি দেখিছিলোঁ জীয়া বুকুৰ উলাহৰ কাঢ়ি লৈ গ’ল কাঢ়ি লৈ গ’ল সিদিনাই বুকুৰ মাজৰ পৰা                               যিদিনাই অশ্ৰু […]

নিৰ্দয় হৃদয়ত

অৱকাশৰ দুৱাৰ,

পাৰা যদি ওলাই আহা

অভিমানৰ শিকলি ছিঙি৷

 

 

আজি ইয়াত একো নাই

সকলো শূণ্য

মাথোঁ বিৰহৰ ছবি

অদ্ভুত, অদ্ভুত আছিল সিদিনা

সেইদিনাই ৰক্তাক্ত হৈছিল

তেজবোৰে চেঁকুৰা বান্ধিছিল

অশ্ৰুবোৰ নিগৰিছিল

প্ৰাণৰ মমতাত৷

 

 

এখন ছবি দেখিছিলোঁ

জীয়া বুকুৰ উলাহৰ

কাঢ়ি লৈ

কাঢ়ি লৈ সিদিনাই বুকুৰ মাজৰ পৰা

                              যিদিনাই অশ্ৰু বৈছিল

প্ৰাণৰ ভিক্ষা খোজা হৈছিল

থাকিল মাথোঁ শূণ্যতা৷

FacebookFacebookfb-share-iconYouTubeInstagram