Recipe

জাতিলাও/পানীলাওৰ বৰফি (মিনাক্ষী গায়ন)

সামগ্ৰী ঃ মজলীয়া আকাৰৰ জাতিলাও এফাল৷ গাখীৰ আধা লিটাৰ, নাৰিকলৰ শুকান গুৰি ৫০ গ্ৰাম, চেনী একাপ, ড্ৰাই ফুডচ্‌ ৫০ গ্ৰাম (কাজু, অলমণ্ড, খিচমিচ, নাৰিকল), বাটাৰ বা ঘি আধা চামুচ৷ প্ৰণালী ঃ এটা পাত্ৰত অলপ ঠাণ্ডা পানী ল’ব সেই পানীখিনিতে লাওফাল পিহনাৰে পিহি ল’ব৷ হাতেৰে মোহাৰি লাওখিনি ধুই পানী নোহোৱাকৈ চেপি টুকি ল’ব৷ এখন বহল বাচনত […]

জাতিলাও/পানীলাওৰ বৰফি (মিনাক্ষী গায়ন)
Recipe

সামগ্ৰী মজলীয়া আকাৰৰ জাতিলাও এফাল৷ গাখীৰ আধা লিটাৰ, নাৰিকলৰ শুকান গুৰি ৫০ গ্ৰাম, চেনী একাপ, ড্ৰাই ফুডচ্ ৫০ গ্ৰাম (কাজু, অলমণ্ড, খিচমিচ, নাৰিকল), বাটাৰ বা ঘি আধা চামুচ৷

প্ৰণালী এটা পাত্ৰত অলপ ঠাণ্ডা পানী সেই পানীখিনিতে লাওফাল পিহনাৰে পিহি ব৷ হাতেৰে মোহাৰি লাওখিনি ধুই পানী নোহোৱাকৈ চেপি টুকি ব৷

এখন বহল বাচনত গাখীৰখিনি গৰম কৰিব উতল আহিলে তাতে পিহিলোৱা লাওখিনি দিব৷ উতলি গাখীৰ শুকাই নোযোৱালৈকে হেতাৰে লাওখিনি লৰাই থাকিব৷ গাখীৰ শুকাব ধৰিলে তাতে নাৰিকলখিনি আৰু চেনী যোগ কৰি ভালকৈ লৰাই থাকিব৷ চেনী, নাৰিকল মিহলি হৈ আঠা আঠা যেন লে ড্ৰাই ফুড্চখিনি আৰু আধা চামুচ বাটাৰ দিব৷ ভালকৈ লৰাই এটা দৰে লে গেছ অফ কৰিব৷

এতিয়া এখন বহল বাচনত ঘি বা বাটাৰ সানি টো বহলকৈ মেলি দিব৷ ঠাণ্ডা লে বৰফিৰ চেপত কাটি ব৷ বৰফিৰ ওপৰত চেৰিৰে পৰিৱেশন কৰিব৷

ৰেচিপিৰ নাম ড্ৰাই ফুডচৰ পুৰ দিয়া গাজৰৰ লাড়ু

সামগ্ৰী গাজৰ ৫০০ গ্ৰাম, ৰুকি লোৱা নাৰিকল কাপ, মিমেড ৫০ গ্ৰাম, ঘি ৫০ গ্ৰাম, চেনী সোৱাদ অনুসৰি (যিহেতু আটাইকেইবিধ সামগ্ৰীয়েই মিঠাই থকা), ক্ৰিম চামুচ, দুটোপাল অৰেঞ্জ ফুড কালাৰ৷

পুৰ ভৰাবলৈ কাজু টা, খিচমিচ টা, আলমগু টা, সজাবৰ বাবে টা চেৰী৷

প্ৰণালী ৫০০ গ্ৰাম গাজৰ ভালকৈ ধুই ওপৰৰ চুচ গুচাই পিহনাত পিহি ব৷ নাৰিকল এফাল ৰুকি ব৷ কেৰাহীত ঘি গৰম কৰি পিহি লোৱা গাজৰখিনি দি মিনিটমান লৰাই থাকিব৷ (গেছ কমাই ৰাখি) তাতে ৰুকা নাৰিকলখিনি দি মিনিটমান লৰাই চেনী খিনি যোগ কৰিব৷ এতিয়া চেনী গলি আঠা হোৱালৈকে লৰাই থাকিব৷ তাতে মিমেডখিনি দি পুনৰ লৰাই থাকিব৷ মিশ্ৰণটো তেতিয়া কেৰাহী পৰা এৰা দিব এখন বহল পাত্ৰত অলপ ঠাণ্ডা বলৈ দিব৷

আন এখন কেৰাহীত চামুচ ঘি গৰম কৰি সৰু সৰুকৈ কাটি লোৱা কাজু, আলমগু, খিচমিচ ভাজি ব৷

গাজৰৰ মিশ্ৰণখিনি অলপ কুহুমীয়া গৰম ভাৱটো থাকোতেই মিক্সিত দি মিহি কৰি ব৷ এখন বহল বাচনত মিশ্ৰণখিনি উলিয়াই ব৷ লাড়ুৰ জোখত সৰু সৰু বল বনাই হাতেৰে লাড়ুৰ মাজত ভাঁজি থোৱা ড্ৰাইফুডচ ভৰাই আকৌ লাড়ুৰ চেপ দিব৷ এনেকৈয়ে গোটেই মিশ্ৰণখিনিৰে গাজৰৰ লাড়ু বান্ধিব৷

এতিয়াএটা বাটিত ক্ৰিমখিনি লৈ তাতে দুটোপাল অৰেঞ্জ ফুড কালাৰ দি ভালকৈ ফেটি ব৷ প্লেটৰ ওপৰত ক্ৰিমখিনি দি তাতে গাজৰৰ লাড়ুখিনি দি সৰুকৈ কাটি লোৱা চেৰিৰে সজাই দিব৷

FacebookFacebookfb-share-iconYouTubeInstagram