Recipe

বিট গাজৰ পালেং দি বনোৱা ৰোল (সংগীতা ডেকা)

উপকৰণ ঃ ৰ৷) মজলীয়া আকাৰৰ বিট দুটা৷ ২৷ মজলীয়া আাকাৰৰ গাজৰ দুটা ৩৷পালেং পাত পোন্ধৰখন ৪৷ ঘি দুই চামুচ প্ত৷ চেনি ছয় চাহচামুচ ৬৷ ইলাচী গুৰি আধা চামুচ জ্জ৷ নাৰিকলৰ শুকান গুৰি তিনি কাপ জ্জ্ব৷ পাউদাৰ গাখীৰ ডেৰকাপ জ্ঝ৷ গাখীৰ ডেৰকাপ ১০৷ ড্ৰাই ম্ফ্ৰুইটচ আৰু টুটিফুটি অলপ প্ৰণালী ঃ প্ৰথমে বিট দুটাৰ বাকলি এৰুৱাই পিহনাত […]

বিট গাজৰ পালেং দি বনোৱা ৰোল (সংগীতা ডেকা)

উপকৰণ

ৰ৷) মজলীয়া আকাৰৰ বিট দুটা৷

২৷ মজলীয়া আাকাৰৰ গাজৰ দুটা

৩৷পালেং পাত পোন্ধৰখন

৪৷ ঘি দুই চামুচ

প্ত৷ চেনি ছয় চাহচামুচ

৬৷ ইলাচী গুৰি আধা চামুচ

জ্জ৷ নাৰিকলৰ শুকান গুৰি তিনি কাপ

জ্জ্ব৷ পাউদাৰ গাখীৰ ডেৰকাপ

জ্ঝ৷ গাখীৰ ডেৰকাপ

১০৷ ড্ৰাই ম্ফ্ৰুইটচ আৰু টুটিফুটি অলপ

 

প্ৰণালী

প্ৰথমে বিট দুটাৰ বাকলি এৰুৱাই পিহনাত পিহি ললোঁ৷ ননষ্টিক পেন এখনত ঘি আধা চাহ চামুচ দি পিহি লোৱা বিটখিনি দি কম জুইত লৰাই লৰাই ভাজিলোঁ৷ পানী শুকাই ভালদৰে ভজা গলত তাত নাৰিকলৰ শুকান গুৰি একাপ দি লৰাই লৈ গাখীৰ আধা কাপ দি লৰাই লৈ পাউদাৰ গাখীৰ আধা কাপ আৰু চেনি দুচামুচ দি লৰাই থাকিলোঁ৷ যেতিয়া গোটেইখিনি মিলি কেৰাহী এৰি এটা দৰে , তেতিয়া নমাই অলপ ঠাণ্ডা দিলোঁ৷

ঠিক তেনেদৰেই মই গাজৰ খিনিও বাকলি গুচাই ধুই পিহনাত পিহি লৈছোঁ৷ এতিয়া গেছত ননষ্টিক পেন এখন গৰম কৰি ঘি আধা চাহ চামুচ দি গাজৰখিনি দি ভালদৰে লৰাই লৰাই, মধ্যমীয়া জুইত পানী শুকোৱালৈকে ভাজি কাটি লোৱা কাজুইলাচি আৰু নাৰিকলৰ শুকান গুৰি একাপ দি লৰাই লৈ গাখীৰ আধা কাপ দি লৰাই পাউদাৰ গাখীৰ আধাকাপ আৰু চেনি দুচামুচ দি লৰাই, যেতিয়া গোটা হৈ আহি কেৰাহী এৰিব তেতিয়া নমাই ঠাণ্ডা দিলোঁ৷

পালেংপাত খিনিও ধুই, কেৰাহীত পানী নিদিয়াকৈ পালেংপাতখিনি দি ঢাকোন লগাই দিলোঁ৷ শাকৰ পৰা পানী ওলাই শাকখিনি সিজিলত নমাই ঠাণ্ডা কৰি পিচি ললোঁ৷ কেৰাহীত আধাচামুচ ঘি দি গৰম হোৱাত শাকৰ পেষ্টখিনি দি লৰাই, নাৰিকলৰ শুকান গুৰি আধাকাপ দি ভালদৰে লৰাই আধা কাপ গাখীৰ আৰু আধা কাপ পাউদাৰ গাখীৰ দি লৰাই, চেনি দুচামুচ দি লৰালো, কেৰাহী এৰিলত নমাই ঠাণ্ডা দিলোঁ৷

 

এতিয়া হাতত অলপ ঘি লগাই কেইটা ভালদৰে মথি ললোঁ৷ দুখন Aluminum foil অলপ অলপ ঘি সানি লৈ প্ৰথমে বিটৰ টো বেলি ললোঁ৷ তাৰপিছত পালেংৰ টো বেলি লৈ তাৰ ওপৰত জাপি দিলোঁ৷ তাৰ পিছত গাজৰৰ টো বেলি লৈ তাৰ ওপৰত জাপি দি কাটি লোৱা ড্ৰাইম্ফ্ৰুটচ আৰু টুটিফুটি বহলাই দি লাহে লাহে ৰোল এটা বনাই পাত খনেৰে ভালদৰে মেৰিয়াই ফ্ৰিজত এঘণ্টাৰ বাবে ৰাখিলোঁ৷ তাৰ পিছত নাৰিকলৰ শুকান গুৰিত কৰি, কাটি পৰিবেশন কৰিলোঁ

FacebookFacebookfb-share-iconYouTubeInstagram