Recipe

“কণীৰ বৰ্ফি’’ প্ৰিয়া সেন

প্ৰস্তুত কৰিবলৈ আমাক কি কি লাগিব– উপকৰণ ঃ কণী ৬ টা, চেনি একাপ, পাউডাৰ গাখীৰ একাপতকৈ অলপ কম, ঘি একাপ,  কেওৰা পানী য গুলাব জল বা ইলাচী গুৰি আৰু লাগিব পিস্তা দহটা মান৷ প্ৰণালী ঃ এখন ননষ্টিক কেৰাহীত প্ৰথমতে কণী কেইটা ভাঙি ল’ব৷ তাত ওপৰত লিখা সকলো সামগ্ৰী (কেবল পিস্তাৰ বাহিৰে) খিনি ভালকৈ এখন হেণ্ড […]

“কণীৰ বৰ্ফি’’  প্ৰিয়া সেন

প্ৰস্তুত কৰিবলৈ আমাক কি কি লাগিব

উপকৰণ কণী টা, চেনি একাপ, পাউডাৰ গাখীৰ একাপতকৈ অলপ কম, ঘি একাপ,  কেওৰা পানী গুলাব জল বা ইলাচী গুৰি আৰু লাগিব পিস্তা দহটা মান৷

প্ৰণালী এখন ননষ্টিক কেৰাহীত প্ৰথমতে কণী কেইটা ভাঙি ব৷ তাত ওপৰত লিখা সকলো সামগ্ৰী (কেবল পিস্তাৰ বাহিৰে) খিনি ভালকৈ এখন হেণ্ড উইক্স দি মিস্ক কৰি , যাতে অলপা দানা নাথাকে৷ তাৰ পিছত গেছত কেৰাহিখন পাতি দি জুই কম কৰি অনবৰতে লৰাই থাকিব লাগিব৷ নহলে কণী আমি যেনেকৈ ভূজিয়া খাওঁ তেনেকুৱা হৈ যাব৷ লৰাই লৰাই যেতিয়া চুজিৰ হালোৱাৰ নিচিনা আৰু ঘি এৰি অহা দেখা পাব তেতিয়া গেছ বন্ধ কৰি দি এটি চাৰিকোণীয়া পাত্ৰত ঘি ঢালি মিশ্ৰণখিনি ঢালি চামুচেৰে হেঁিচ সমান কৰি ব৷

আৰু তাৰ ওপৰত পিস্তা গুৰি কৰি বা মিহি কৈ কাটি সজাই দিব৷

আৰু এখন ছুৰীৰে নিজৰ ইচ্ছা মতে টুকুৰা কৰি লৈ ঘণ্টা ঠাণ্ডা কৰি লৈ পৰিৱেশন কৰিব৷