Recipe

চিৰা আৰু গুৰৰ লাড়ু

উপকৰণ ঃ চিৰা- ১ কাপ, গুৰৰ পাউদাৰ- ৰয২ কাপ,  কাজু- ১০ টা, খেজুৰ- ৮ টা, ঘী- ৩ টেবুল চামুচ, ইলাচী- ২ টা৷ প্ৰণালী ঃ প্ৰথমতে পাতল চিৰাখিনি পৰিস্কাৰ কৰি ধুই পানীখিনি গুচাই ল’ব লাগে৷ তাৰ পিছত কেৰাহী এটাত ঘী গৰম কৰি ইলাচী ২ টা দিব লাগে আৰু চিৰাখিনি ভালদৰে ভাজিব লাগে৷ তাৰ পিছত পাউদাৰ গুৰখিনি […]

উপকৰণ ঃ চিৰা– ১ কাপ, গুৰৰ পাউদাৰ– ৰয২ কাপ,  কাজু– ১০ টা, খেজুৰ– ৮ টা, ঘী– ৩ টেবুল চামুচ, ইলাচী– ২ টা৷

প্ৰণালী ঃ প্ৰথমতে পাতল চিৰাখিনি পৰিস্কাৰ কৰি ধুই পানীখিনি গুচাই ল’ব লাগে৷ তাৰ পিছত কেৰাহী এটাত ঘী গৰম কৰি ইলাচী ২ টা দিব লাগে আৰু চিৰাখিনি ভালদৰে ভাজিব লাগে৷ তাৰ পিছত পাউদাৰ গুৰখিনি দি আৰু ভাজিব লাগে একেলগে গুড়ি কৰা কাজু আৰু খেজুৰখিনি দিব লাগে৷ সকলোখিনি ধুনীয়াকৈ ২০ মিনিট সময় ভালদৰে ভাজি ল’ব লাগে৷ হোৱাৰ পিছত ১ চামুচ ঘী দিব লাগে৷ তাৰ পিছত লাড়ু আকাৰত পৰিৱেশন কৰিব লাগে৷