Recipe

পাকঘৰ

আলুৰ ললীপ’প ঊপ্ৰিয়া সেন উপকৰণ ঃ সিদ্ধ আলু দুটা, ব্ৰেড ক্ৰাম আধা একাপ, গাজৰ সৰু এটা, কেপছিকাম সৰু এটা, দুটা পিয়াজ, ধনিয়া পাত এমুঠি, চিলিফ্লেক আধাচামুচ, জীৰা গুৰি আধা চামুচ, ধনিয়া গুড়ি আধা চামুচ, চাট মছলা আধা চামুচ, জলকীয়া গুৰি আধা চামুচ, আদা, নহৰু পেষ্ট আধা চামুচ, নিমখ জোখ মতে, ময়দা তিনি চামুচ আৰু গৰম […]

পাকঘৰ

আলুৰ ললীপ’

ঊপ্ৰিয়া সেন

উপকৰণ সিদ্ধ আলু দুটা, ব্ৰেড ক্ৰাম আধা একাপ, গাজৰ সৰু এটা, কেপছিকাম সৰু এটা, দুটা পিয়াজ, ধনিয়া পাত এমুঠি, চিলিফ্লেক আধাচামুচ, জীৰা গুৰি আধা চামুচ, ধনিয়া গুড়ি আধা চামুচ, চাট মছলা আধা চামুচ, জলকীয়া গুৰি আধা চামুচ, আদা, নহৰু পেষ্ট আধা চামুচ, নিমখ জোখ মতে, ময়দা তিনি চামুচ আৰু গৰম মছলা আধা চামুচ৷

ভাজিবলৈ ৰিফাইন তেল আৰু আইচক্ৰিম ষ্টিক কেইটা মান৷

প্ৰণালী—-

আলু দুটা ৰুকনিত ৰুকি ব৷

গাজৰ, কেপছিকাম আৰু ধনিয়া পাত মিহিকৈ কুটি ব৷

এতিয়া গোটেই সামগ্ৰীখিনি একেলগে সানি ব৷ কেবল তাত ময়দা এচামুচ আৰু ব্ৰেড ক্ৰাম আধা কাপ দিব৷

তাৰ পিছত হাতেৰে ডাঙৰকৈ লাৰু বনাই ষ্টিক ভৰাই দুই হাতৰ সহায়ত ললীপ বনাই ব৷

এটা বাটিত বাকি দুচামুচ ময়দা, এচিকুট নিমখ আৰু পানী মিলাই পাতল ঘোল বনাই লৈ তাত ললীপ ডীপ কৰি ব্ৰেড ক্ৰামত লেটিয়াই হাই ফ্লেমত ললীপ ভাজি লৈ গৰম গৰম টমেটচৰ লগত পৰিৱেশন কৰিব৷