Recipe

ভাপত দিয়া নিমখীয়া কেচা পিঠাগুৰিৰ লাৰু (নিলাক্ষী বৰা)

সামগ্ৰী পিঠাগুৰি একাম নিমখ এক চিকুত বাটাৰ এচামুচ, অলিভঅয়ল এচামুচ৷ পুৰৰ বাবে দুটা আলু-পিয়াজ এটা, জলকীয়া দুটা, নিমখ-হালধি অকণমান, ধনীয়া পাত এমুঠি৷ প্ৰণালী প্ৰথমতে আলু দুটা সিজাই ঠাণ্ডা কৰি বাকলি গুচাই লৈ ভালকৈ পিটিকি লৈ তাত কেঁচা জলকীয়া, পিয়াজ আৰু ধনীয়া পাত মিহিকৈ কাটি আলুত মিহলাই দি কেৰাহী গৰমাই তাত এচামুচ মিঠাতেল দি আলু ঢালি, […]

ভাপত দিয়া নিমখীয়া কেচা পিঠাগুৰিৰ লাৰু (নিলাক্ষী বৰা)

সামগ্ৰী

পিঠাগুৰি একাম নিমখ এক চিকুত বাটাৰ এচামুচ, অলিভঅয়ল এচামুচ৷ পুৰৰ বাবে দুটা আলুপিয়াজ এটা, জলকীয়া দুটা, নিমখহালধি অকণমান, ধনীয়া পাত এমুঠি৷

প্ৰণালী

প্ৰথমতে আলু দুটা সিজাই ঠাণ্ডা কৰি বাকলি গুচাই লৈ ভালকৈ পিটিকি লৈ তাত কেঁচা জলকীয়া, পিয়াজ আৰু ধনীয়া পাত মিহিকৈ কাটি আলুত মিহলাই দি কেৰাহী গৰমাই তাত এচামুচ মিঠাতেল দি আলু ঢালি, অকণমান ভাজি, নিমখ, হালধি, জলকীয়া, ধনীয়া আৰু জীৰা গুৰি দি ভাজি নমাই ব৷

আনহাতে কেঁচা পিঠাগুৰি খিনিত অকণমান নিমখ দি কুহুমীয়া গৰম পানীৰে সানি ব৷ আটা সনা নিচিনাকৈ৷ এতিয়া সৰু সৰু বলৰ আকৃতি কৰি তাত আলুপিটিকা অকণমান ভৰাই লৈ গোটেইখিনি বনাই ভাপত দিব ১৫ মিনিটমান৷ গৰমে গৰমে পৰিৱেশন কৰিব৷

চক ক্ৰীমী বিস্কুট পাই  (মলয়া নেওগ)

ক্ৰীম বিস্কুট (যিকোনো)- তিনি পেকেট ,আমূল ক্ৰীম- দুই পেকেট (দুশ পঞ্চাচ মিঃলিঃৰ), চেনী- জোখমতে (গুৰি কৰা), আপেল-দুটা, কল- দুটা, ডালিম- এটা, কিচমিছ, কাঠবাদাম- এমুঠি, চেৰী- কেইটামান, ডেইৰী মিচকলেট- আধা পেকেট৷

প্ৰণালী

আপেল (বাকলি গুচোৱা), কল সৰুকৈ কাটি ললো৷ ডালিম এৰুৱাই ললো৷ কাঠবাদাম, চেৰী মিহিকৈ কাটি ললো, ডেইৰী মিচকলেট টুকুৰা কৰি ললো৷ চেনীখিনি মিক্সিত মাৰি গুৰি কৰি ললো৷

এতিয়া এটা ডাঙৰ চিচা বাটিত ক্ৰীম বিস্কুটৰ তৰপ এটা বনালো৷ তাৰ ওপৰত আমূল ক্ৰীম ঢালি সমানে মেলি আকৌ এটা তৰপ বনাই ওপৰত ফল আৰু শুকান ফলৰ মিশ্ৰণখিনি দিলো৷ জোখমতে চেনী দিলো৷ ওপৰত চকলেটৰ টুকুৰাবোৰ দিলো৷

ঠিক এনেদেৰই তাৰ ওপৰত পুনৰ বিস্কুট, ক্ৰীম, ফল, শুকান ফল, চেনী আৰু চকলেটেৰে তৰপ বনালো৷

দুই-তিনি ঘণ্টাৰ কাৰণে (বেছি সময়ো ৰাখিব পাৰে) ফ্ৰীজত থৈ উলিয়াই আনি কাটি পৰিৱেশন কৰিলো৷

FacebookFacebookfb-share-iconYouTubeInstagram