
ধাৰাবাহিক উপন্যাস -দেৱদাসী (যোৱা সংখ্যাৰ পিছৰ পৰা)
বিজয়লক্ষ্মীয়ে মুখ ওফোন্দাই ঘৰতে বহি গিৰিয়েক অহালৈ বাট চাই আছিল৷ গিৰিয়েকৰ আগমনত তাই মনে মনে আনন্দিত হ’ল যদিও বাহিৰত একো প্ৰকাশ নকৰিলে৷ বৰঞ্চ গিৰিয়েকক কটাক্ষ কৰিহে ক’লে– ‘শেষ হ’ল নে মন্দিৰৰ নটীৰ নৃত্য উপভোগ? শিৱ দেৱতা অৰ্থাৎ ঈশ্বৰ সৰগৰ পৰা আহিছিল নে?’’ ‘‘আস তেনেকৈ ক’ব নাপায় নহয়৷ বিগ্ৰহে ৰূপ ধাৰণ নকৰে নহয়৷ প্ৰভু শিৱ স্বয়ং […]
