Story

অবিচাৰ (মালা দিহিঙীয়া হাজৰিকা)

“কেৰৰৰৰৰৰচচচচচচ…’’ অকস্মাতে সন্মুখত ওলোৱা সৰু ছোৱালীজনীক জোৰকৈ ব্ৰেক মাৰি কোনোমতে বচালে সি৷ পিছৰটো চকাই ওফৰাই পঠিওৱা শিলগুটি এটাই চুই যোৱা তাইৰ কপালখনত তেজ বিৰিঙা দেখি তাইক তুলি ধৰা ল’ৰাটোক তৎক্ষণাত গোট খোৱা মানুহজাকে কোনোবা বৰ মানুহৰ উদণ্ড পুতেক বুলি মুখত সোপাদি গছত বান্ধি শাস্তি বিহিলে৷ হঠাত অসুস্থ হৈ পৰা মাকৰ বাবে ডাক্তৰ আনিবলৈ যাওঁ বুলি […]

অবিচাৰ (মালা দিহিঙীয়া হাজৰিকা)

কেৰৰৰৰৰৰচচচচচচ…’’

অকস্মাতে সন্মুখত ওলোৱা সৰু ছোৱালীজনীক জোৰকৈ ব্ৰেক মাৰি কোনোমতে বচালে সি৷ পিছৰটো চকাই ওফৰাই পঠিওৱা শিলগুটি এটাই চুই যোৱা তাইৰ কপালখনত তেজ বিৰিঙা দেখি তাইক তুলি ধৰা ৰাটোক তৎক্ষণাত গোট খোৱা মানুহজাকে কোনোবা বৰ মানুহৰ উদণ্ড পুতেক বুলি মুখত সোপাদি গছত বান্ধি শাস্তি বিহিলে৷ হঠাত অসুস্থ হৈ পৰা মাকৰ বাবে ডাক্তৰ আনিবলৈ যাওঁ বুলি সি খোজা কথাষাৰ ফটাকানিৰ সোপাটোৰ তলতে হেঁচা খাই গেঙনি এটা হৈয়েই ল৷

BikerFacebookFacebookfb-share-iconYouTubeInstagram