Story

বটবৃক্ষ (তৰালী ঘৰফলীয়া)

“ঐ ছাৰ আহি পালেহি৷ ব’ল ব’ল ভিতৰলৈ বল৷’’ “ তই কালি ছাৰে কৰিবলৈ দিয়া অংককেইটা কৰিলি নাই মনোজ?’’ “কৰিলোঁ৷ ভয়েই লাগিছে জান৷ শুদ্ধ হয় বা নহয়৷”      “ময়ো কৰি আনিছোঁ৷ কিন্তু,  মোৰো ভয় লাগি আছে৷” স্কুললৈ সোমাই অহা তিনিআলিটোৰ মূৰতে পাঠক ছাৰৰ চাইকেলৰ টিলিঙাৰ শব্দ শুনিয়েই তৎপৰ হৈ পৰিল সকলো৷ লৰি ধাপৰি হলেও নিজ নিজ আসনকেইখন […]

বটবৃক্ষ (তৰালী  ঘৰফলীয়া)

ছাৰ আহি পালেহি৷ ভিতৰলৈ বল৷’’

তই কালি ছাৰে কৰিবলৈ দিয়া অংককেইটা কৰিলি নাই মনোজ?’’

কৰিলোঁ৷ ভয়েই লাগিছে জান৷ শুদ্ধ হয় বা নহয়৷”     

ময়ো কৰি আনিছোঁ৷ কিন্তুমোৰো ভয় লাগি আছে৷

স্কুললৈ সোমাই অহা তিনিআলিটোৰ মূৰতে পাঠক ছাৰৰ চাইকেলৰ টিলিঙাৰ শব্দ শুনিয়েই তৎপৰ হৈ পৰিল সকলো৷ লৰি ধাপৰি হলেও নিজ নিজ আসনকেইখন গ্ৰহণ কৰিলে গৈ৷ হুলস্থূল কৰি থাকিলে ছাৰে বৰ বেয়া পায়, পৰিপাটীকৈ নাহিলে ছাৰে গালি পাৰে৷ সেয়ে সিহঁত সদা সষ্টম৷ ছাৰে বেয়া পোৱা কাম কৰিব নোৱাৰি৷ কেতিয়াও নোৱাৰি৷

বগাচাৰ্ট আৰু ধোঁৱাবৰণীয়া পেণ্ট এটাৰ সতে কান্ধত কাপোৰৰ মোনা এটালৈ চাইকেলখন চলাই ফুৰা পাঠক ছাৰ ঠাইখনৰ প্ৰতিজনৰে চিনাকিকোনোবাই যদি তেওঁক দহ বছৰৰ আগৰপৰা দেখিছে, কোনোবাজন আকৌ তাতকৈ আগৰ পৰাই তেওঁৰ লগত ঘনিষ্ঠ৷ দুই এজনৰ লগত তেওঁৰ পৰিচয় ঘটিছেহে কিন্তু, এইযে ছাত্ৰছাত্ৰীসকলএওঁলোক কিন্তু তেওঁৰ আজন্ম চিনাকি৷ এজাক উৰণীয়া পখীৰ দৰেই সিহঁত প্ৰতি বছৰে আহে তেওঁৰ ছত্ৰছাঁয়ালৈ৷ আটোমটোকাৰিকৈ বাহ একোটা সাজে, কলকলনিৰে চৌপাশ মুখৰিত কৰে৷ আৰু ? আৰু বাহটো পূৰঠ হলেই সিহঁত গুচি যায় অন্য এক ঠিকনাৰ দিশে৷ এয়াই নিয়ম৷ থাকোঁ বুলি লেও নোৱাৰে থাকিব কোনো সেই চিৰাচৰিত নিয়মক নেওচাদি৷ এজাক নতুন পখী আকৌ আহে৷ তেওঁৰ বুকুখন শাঁত পৰে৷ মনৰ উছাহেৰে সিহঁতক জীয়ন দিয়ে নিজৰ লাস্যময়ী দুহাতেৰে সুখ তেওঁৰ তাতেই এই এধানমান সুখৰ সতেই তেওঁৰ দৈনিক উঠাবহা৷

এটা বন্ধ কোঠাৰ ভিতৰত মনে নিমিলা অংক এটাৰ উত্তৰ উলিয়াই সমাজলৈ বিষাক্ত কীট এটা কঢ়িয়াই নিবলৈ মই অপাৰগ৷ সেয়ে এই কীটটো মই ইয়াতে শেষ কৰি থৈ গৈছোঁ৷’’

সেইযে ওলাই আহিল কোঠাটোৰ পৰা তাৰ পাছত আৰু ঘৰমূৱান হল তেওঁ৷ কেনেকৈনো হয়? ঘৰখনৰ চাৰিটা ককাইভাইৰ তিনিটাই স্বনিৰ্ভৰশীল৷ ডাক্তৰ বৰ ককায়েকে খুলি দিয়া ফাৰ্মাচীখনো তেওঁ নিজ হাতে একপ্ৰকাৰ খালী কৰিয়েই আহিছে৷ ৰোগীয়ে চাদৰৰ আঁচলত বান্ধি অনা খুচুৰা টকাকেইটালৈ দোকানী মেজাজত বোলে বহি থাকিব নোৱাৰে তেওঁ৷ গতিকে, ঘূৰি যায়নো কোন সতে? নগল সেয়ে৷ অৱশেষত ঘটনাৰ পাকচক্ৰই তেওঁক লৈ আহিল এইপিছপৰা ঠাইখনলৈ৷ পঢ়াশলীয়া জীৱনত লাভ কৰা সমস্ত সাঁচতীয়া সম্পদক সাৰথি কৰি তেওঁ গঢ় দিলে এক জ্ঞানৰ আলয়৷ ঠাইখনৰ বহুলোকে তেওঁক সংগ দিলে, শ্ৰমদান কৰিলে আৰু লগতে আশ্ৰয়ো দিলে৷ সূৰ্যোদয়ৰ আলোকেৰেহে যেন আলোকিত হৈ পৰিল চৌপাশ৷ কোনোবা কালৰ পৰাই অনগ্ৰসৰ হৈ থকা ঠাইখন ক্ৰমান্বয়ে হৈ পৰিল আলোক সন্ধানী৷ তেওঁৰ জ্যোতিৰে জ্যোতিৰ্ময় হল চৌপাশ৷

আজিকালি সকলোৰে মুখে মুখে কেৱল তেওঁৰ নাম৷ জ্যেষ্ঠসকলৰ কাৰণে তেওঁ অতিকৈ মৰমৰ হোৱাৰ বিপৰীতে কণিষ্ঠ সকলৰ বাবে শ্ৰদ্ধাৰ অমল নিজৰা৷ জীৱনৰ বহু সোণসেৰীয়া সময় বিসৰ্জনৰ বিনিময়ত গঢ়ি তোলা তেওঁৰ জ্ঞান বৃক্ষজোপা আজি ঠালেঠেঙুলিয়ে নদনবদন৷ ইয়াতে ওপজি ইতিমধ্যে বহু পখী উৰণীয়া হল৷ নিজ বাহুবলে ডেউকা কোবাব পৰাকৈ সবল হৈ উঠিল৷ তেওঁ কিন্তু ৰৈ গল একেঠাইতে৷ জীৱনৰ বাটত সংসাৰৰ মোহে তেওঁক মোহাচ্ছন্নন কৰিলে, মোহাচ্ছন্ন নকৰিলে কোনো বিলাসী ভাৱনায়ো৷ চাইকেলখনকে সাৰথি কৰি তেওঁ অত দূৰ বাটকুৰি বালে, বাট বুলি আছে এতিয়াও৷ হয়তো বাট বুলি থাকিব জীৱনে মেলানি নমগালৈকে৷ তেওঁ বিলীন কৰি দিছে নিজকে জাক জাক উৰণীয়া পখীৰ কাকলিৰ মাজত৷ সিহঁতৰ সুখতে তেওঁ হাঁহিছে, কেতিয়াবা চকুপানীও বোৱাইছে সিহঁতৰে দুখত৷

সেইযে তেতিয়াই নামনিৰ পৰা আহি উজনিৰ এইঠাইখনত খোপনি পুতিছিলহিতেতিয়াৰ পৰাই পাঠক ছাৰ এজোপা বটবৃক্ষ হৈ থিয় দি আছে ঠাইখনত৷ তেওঁৰ ছাঁতে কোনোবাই খন্তেক জিৰাইছেকোনোবাই বাহ একোটা সাজিছে, কোনোবাই আকৌ কেতিয়াবা সাজিব খোজা বাহটোৰ অস্তিত্বকে হেৰুৱাই পেলাইছে৷ কিন্তু, তেওঁ হৈ আছে সেই একেজোপাই বটবৃক্ষ৷ কাৰো পৰা কেতিয়াও কোনো বিনিময় নিবিচৰাকৈ৷ এনেদৰেই হয়তো এদিন তেওঁ হেৰাই যাব জীৱনৰ পৰা৷ হেৰাই যাবলৈকেতো জীৱন৷ ধৰি ৰখাৰ সামৰ্থনো কাৰ? তথাপি, তেওঁ ৰোপণ কৰি যোৱা জ্ঞানৰ বৃক্ষজোপাই যুগে যুগে তেওঁকে সোঁৱৰিব৷ হেৰাই গৈয়ো তেওঁ হেৰাই নাযায়৷ তেওঁ পালিত হব তেওঁৰে আজন্ম চিনাকি জাক জাক পখীৰ বুকুৰ মাজত৷ অনন্তকাললৈ

FacebookFacebookfb-share-iconYouTubeInstagram