

স্তুতি ধুপুচকৈ বিচনাখনত বহি পৰে৷ তাৰমানে সৌজন্যৰ হৃদয়তো বেদনাৰ নৈ এখনি বৈ আছে৷ অভিমান কৰাৰ প্ৰশ্নই নুঠে৷ কাৰণ তাইতকৈ বেছি কোনোৱে বুজিব নোপোৱাৰ যাতনা? বৰং সুখীহে হয় তাই সৌজন্যৰ সততাৰ বাবে৷ সহজভাৱে মানি লয় তাই সৌজন্যৰ অনুৰোধ৷
দুদিন পিছত মাকৰ ঘৰলৈ আহে তাই৷ তাইৰ সুখ-সম্পদ দেখি ঘৰখন আনন্দিত হয়৷ দেউতাকে নিজৰ সিদ্ধান্তৰ বাবে নিজকে ধন্যবাদ জনায়৷ কিন্তু দুদিনমান পিছতেই সৌজন্যই ফোন কৰি জনায় যে বাথৰুমত পৰি দেউতাকৰ বাওঁখন ভৰিৰ এডাল হাড় ভাঙিছে৷ স্বাভাৱিকতেই তাই উভতি যাবলৈ খৰধৰ কৰে৷
‘‘তুমি নাহিলেও হয় নেকি? বৌ আছেই নহয়৷ ঘৰত কাম কৰা মানুহো আছে৷ একেলগে আহিবা তুমি৷’’ সৌজন্যই কয়৷
তাই সৌজন্যৰ কথা নামানি দেউতাকৰ সৈতে যাবলৈ ওলায়৷ কিন্তু তাই যাবলৈ সাজু হোৱাৰ সময়তেই বৌৱেকৰ ফোন আহে, ‘‘তুমি আহিব নালাগে স্তুতি৷ মই সকলো চম্ভালি ল’ম৷ দুদিনমান থাকি লোৱা একেলগে৷’’
বৌৱেকৰ কথা শুনি তাই একপ্ৰকাৰ আচৰিত হয়৷ কাৰণ ঘৰত থকা দিনকেইটাত তেওঁ তাইক ভালকৈ মাতবোল কৰা তাইৰ মনত নপৰে৷ অৱশ্যে কোনোদিনে তাইক বেয়া ব্যৱহাৰো কৰি পোৱা নাই৷ কিন্তু এটা কথা তাই ইমানদিনে লক্ষ্য কৰিছে যে বৌৱেকৰ কাৰোবাৰ প্ৰতি সাংঘাতিক বিষোদগাৰ আছে৷ নিজৰ মাজতেই ব্যস্ত থকা মানুহজনী তাইৰ পৰা কিয় জানো আঁতৰি থাকিবলৈ ভাল পায়৷ বৌৱেকৰ কথা মানি তাই সিদিনা যোৱাটো বন্ধ কৰে৷ কিন্তু তাৰ দুদিন পিছতেই তাই পুনৰবাৰ যাবলৈ সাজু হয়৷ এইবাৰ ঘৰলৈ উভতি যাবলৈ তাই কাৰো অনুমতি নিবিচাৰে৷ কাকো একো নজনায়৷ কাৰণ জানিলেই চাগে সিহঁতে যোৱাত আপত্তি কৰিব৷ তাইৰো যাবলৈ বিশেষ মন এটা নাছিল৷ কিন্তু শহুৰেকৰ এই বিপদতো তাই নাথাকিলে কথাটো বেয়া হ’ব বুলি ভাবিয়েই যাবলৈ ওলায়৷
‘‘বৌৰ কথা অমান্য কৰি তুমি গুচি আহিব নালাগিছিল৷ বৌৱে বেয়া পাইছে তোমাক৷ আৰু সেইবাবে ময়ো বেয়া পাইছো৷’’
নিজৰ ঘৰখনলৈ উভতি আহি শহুৰেকৰ খবৰ-বাতৰি লৈ এটা সময়ত শোৱনি কোঠাত সোমায়েই সৌজন্যৰ এনে কথা শুনিবলগীয়া হোৱাই স্তুতি আচৰিত হয়৷ তাই ভাবিছিল, সৌজন্যই চাগে তাইক ধন্যবাদেৰে উপচাই পেলাব৷ নতুন ঘৰখনৰ কথা ভাবি তেওঁৰ কথাকো অমান্য কৰি ততাতৈয়াকৈ উভতি অহাৰ বাবে হয়তো তাইক মৰম কৰিব৷ কিন্তু তেওঁৰ কথাখিনিয়ে তাইক অস্বস্তিত পেলালে৷ কি ইমান ডাঙৰ ভুল কৰিলে তাই?
‘‘আপুনি ইমান খং কৰিছে কিয়৷ মই ভাবিছিলো আপুনি ভালহে পাব৷’’
‘‘খং কৰিবলগীয়া কামেই কৰিছা তুমি৷ মই মানা কৰিছো৷ বৌৱে মানা কৰিছে৷ তথাপিও তুমি নুশুনিলা৷ বেয়া পালো তোমাক স্তুতি৷’’
‘‘মই আচৰিত হৈছো৷ আপোনালোকে কিয়…’’
‘‘আৰু কথা নবঢ়াবা৷ মুঠতে এটা কথা মনত ৰাখিবা বৌৰ জীৱনটো বৰ দুখলগা৷ তেওঁক কোনোবাই অশান্তি দিলে মই বৰ বেয়া পাওঁ৷ পুনৰ সেই ভুলটো নকৰিবা৷ কথা ইমানেই৷’’
স্তম্ভিত হৈ পৰে স্তুতি৷ হতবাক হৈ পৰে তাই৷ ন-কইনা এজনীক সামান্য কথা এটাৰ বাবে কেনেকৈ ইমান অসহজ ব্যৱহাৰ কৰিব পাৰিলে উচ্চ শিক্ষিত তাইৰ স্বামীয়ে?
নিৰ্দ্দিষ্ট ছুটী শেষ হোৱাৰ পিছত স্তুতিয়ে স্কুলত পুনৰ যোগদান কৰে৷ ঘৰৰ পৰা স্কুললৈ প্ৰায় পাঁচ কিলোমিটাৰৰ দূৰত্ব৷ স্কুলত জইন কৰি তাইৰ মনটো মুকলি লাগে৷ সৌজন্যৰ ব্যৱহাৰে লাহে লাহে তাইক আচৰিত কৰি তোলা হয়৷ তাই অনুভৱ কৰে, বৌৱেকৰ প্ৰতি তেওঁৰ প্ৰয়োজনাধিক কিছু দায়িত্ববোধ আছে৷ আৰু বৌৱেক দুখত থাকিলেও সকলোৰে লগত তেওঁৰ স্বাভাৱিক মিলা-মিচা আছে, কিন্তু তাইকহে ভালকৈ মাত-বোল নকৰে৷ তাইৰ পৰা আঁতৰি থাকে৷ তেওঁৰ এই ব্যৱহাৰ তাই ইমানদিনে বুজিব নোৱাৰে৷ মানুহজনী মাত্ৰ এক ৰহস্য হৈ তাইৰ আশে-পাশে ঘুৰি থাকে৷
সময় বাগৰে৷ বিয়াৰ চাৰিমাহ পিছতো স্তুতি আৰু সৌজন্যৰ মাজত সহজ সম্পৰ্ক এটা গঢ় লৈ নুঠে৷ লাহে লাহে স্তুতিৰ মনলৈ নাহো বুলিও কিছুমান কথা আহিবলৈ ধৰে৷ বিৰক্তিকৰ পৰিৱেশ এটাই প্ৰতি মুহূৰ্ত তাইক আৱৰি ধৰে৷ সৌজন্যই বন্ধুত্বসুলভ সম্পৰ্ক এটা ৰাখে যদিও তেওঁৰ প্ৰতি তাইৰ মনত হেজাৰটা অভিমানে বাহ লয়৷ বেমাৰী আৰু বৃদ্ধ শহুৰেক বিচনাত পৰি থাকে৷ বৌৱেকৰ লগতো তাইৰ সম্পৰ্কটোৰ আন্তৰিকতা নাই৷ ইশুৰ লগত খেলা-ধূলা কৰি তাইৰ ভাল লাগে৷ কিন্তু বৌৱেকে তাই তাৰ সৈতে থকাটো বিশেষ পচন্দ নকৰা যেন লাগে৷ লাহে লাহে তাই ঘৰখনত অকলশৰীয়া হৈ পৰে৷ দিনটোৰ বেছি ভাগ সময় বিষন্নমনে থকা বৌৱেকে যেতিয়া ভাতৰ মেজত হাঁহি হাঁহি সৌজন্যৰ সৈতে ভাত খায়, স্তুতিৰ বেয়া লাগে৷ সিহঁতক আগবঢ়াই দি তাই খাবলৈ বহে মানে সৌজন্যৰ খোৱাই হয়৷ অহেতুক অভিমান এটাই তাইক মেৰিয়াই ধৰে৷ নীহাৰলৈ মনত পৰে তাইৰ৷ পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ অৰ্হতাসম্পন্ন ল’ৰাটোৱে চাকৰি নাপাই প্ৰাইভেট কলেজ এখনত সোমাইছে৷ এটা কোচ্চিং চেণ্টাৰো খুলিছে৷ উপাৰ্জন ভাল তাৰ৷ কিন্তু মানুহক ক’ব পৰাকৈ ভাল চাকৰি এটা নাই৷ ইফালে সৰুতেই দেউতাকক হেৰুওৱা ল’ৰাটোৰ তলত দুজনীকৈ ভনীয়েক৷ মাক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী যদিও ঘৰখনৰ সমস্ত দায়িত্ব তাৰ ওপৰত৷ স্তুতি আৰু তাৰ বিয়াখন নোহোৱাৰ একমাত্ৰ কাৰণ তাইৰ দেউতাক৷ দেউতাকৰ মতে কলেজ এখনৰ অধ্যক্ষৰ একমাত্ৰ কন্যাৰ সৈতে নিবনুৱা যুৱক এজনৰ বিবাহ অসম্ভৱ৷ কথাবোৰ মনলৈ আনি স্তুতিয়ে হুকহুকাই কান্দি দিয়ে৷ শেষবাৰ লগ পাওঁতে শুকান মুখখন মনত পৰি কান্দি উঠে তাই৷ তাইৰ বাবেই কিমান যে অপমান সহিছে সি৷
সেই ল’ৰাটো তাইৰ বাবে প্ৰাণ দিব পৰা ল’ৰাটো৷ তাই তাৰ সৈতে পলাই যাবলৈ বিচাৰোঁতে তাইক তেনে এক ভুল কাম নকৰিবলৈ বুজনি দিয়া ল’ৰাটো৷ উফ্৷ কেনে আছে নীহাৰ? তাইলৈ মনত কৰে নে সি? তাইৰ এই কথাবোৰ জানিলে সি কিমান যে দুখ কৰিব৷ কিমান যে কষ্ট পাব সি?
‘‘বৌৱে ভাত খোৱা নাই৷ তুমি একাপ চাহটো কৰি দিব পাৰা৷ তেওঁক একো এটা নিদিয়াকৈ খাবলৈ বহিছা তুমি?’’
‘‘বৌৱে মাহৰ দাইল নাখায়৷ তথাপিও ৰান্ধিছা তুমি?’’………………………